পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৬
সাহিত্য বিচাৰ।


হয়। বিসৰ্গ সদাই কৰ্কশ, আৰু তাক যতে লগোৱা যায় তাকে কৰ্কশ কৰে। চন্দ্ৰবিন্দু মৃদু। যি শব্দটোত কোমল আখৰৰ ভাগ বেছি, সেই শব্দ কোমল, আৰু যত কৰ্কশ আখৰৰ ভাগ সৰহ, তাক কৰ্কশ বোলে। আৰু শব্দটোৰ আদিতে কৰ্কশ আখৰ থাকিলে কোনো কোনো লোকে তাক কৰ্কশ বুলি ধৰে। পানী, পদুম, লতা, পাত, শীল, গাখীৰ, মাখন, লৰা, বালা ইত্যাদি শব্দ কোমল। হয়, খণ্ড, ঢাল ঝঞ্চাত ইত্যাদি শব্দ কৰ্কশ। দুটা বা বেছি ব্যঞ্জন বৰ্ণ গোট খাই যি বৰ্ণটো হয়, সিও কৰ্কশ, এতেকে যি শব্দত যুক্তাক্ষৰ সৰহ তাকে। কৰ্কশ শব্দ বোলে। কিন্তু কেতিয়াবা যুক্তাক্ষৰ থকা শব্দকো মৃদু বুলি ধৰা দেখা যায়। পৰ্য্যাঙ্ক, নিষ্কলঙ্ক, প্ৰস্তৰ ইত্যাদি কেতবিলাক শব্দ কৰ্কশ, কিন্তু অলঙ্কাৰ, শঙ্কা, দুষ্কৰ ইত্যাদি শব্দ মৃদু। অসমীয়া ভাষাত কিছুমান যোৰ-শব্দ আছে; যেনে, লাং-লাং থা-থাং, জহ- তহ, নেহ-নেহ থেহ-থেহ, ভোব-ভোৰ, আঙোৰ পাঙোৰ এইবোৰ শব্দও কৰ্কশ, কিন্তু ঠাই বিশেষে ইহঁতে কোমল শব্দৰে কাম কৰিবলৈ পাৰে।

 মানুহে পতি যেনে স্বভাৱ বেলেগ, ভাষায় পতি সেই দৰে লক্ষণ বেলেগ। অসমীয়া ভাষাত যোৰ-শব্দ অগণন। আন ভাযাটো দুই চাইটা আছে হয়, কিন্তু তাৰ সংখ্যা অতি কম। আৰু সেই ভাষাৰ লিখক বিলাকেও লিখিবৰ সময় যোৰ লগাই কথা বৰকৈ নেলেখে। যত যোৰ-শব্দ লিখিব লগা হয, তাত তাৰ কেৱল এটা মাথোন লিখে। কিন্তু অসমীয়া ভাষাত যোৰ-শব্দ যোৰে যোৰে লিখিব লাগে। কিয়নো,