পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গণ্য। তিয়াই যি শব্দ মুখত ওলায় তাক ব্যৱহাৰ কৰিব পৰা যায়। লিখোতে কিন্তু সকলো কথাৰে এটা শৃঙ্খলা লগাব লাগে। মুখেৰে কোৱাৰ নিচিনা যি আহে তাকে লিখিলে প্ৰৱন্ধ লেতেৰা হয়। পঢ়েতাই তাৰ মাধুৰ্য্য লালিত দেখিব থাক ভাবকে বুজিব নোৱাৰে। এই দেখি কোনো বিষয় লিখিব লাগিলে, অগেয়ে তাক ভালকৈ মনত ভাবি ঠিক কৰি লব লাগে। কোনটো ভাবৰ পাচত কোনোটো ভাৰ বহু- বাবা তাক ঠিক কৰি লব লাগে, তেনেহলে লিখিবৰ সময় একো অসুবিধা নমে, আৰু প্ৰৱন্ধও ভাল হয়। কথা ক- ওঁতেও এই শিয়মে চলা যুগুত, আৰু বহুত মানুহৰ আগত ভালকৈ কোনো বিষয় আলোচনা কৰিব লাগিলে তেনেকুৱা নকৰিলেই নয়। ভাল লিখকৰ হাতৰ গদ্য যৌতকৈ সোৱাদ, পঢিলে কাণত যেন অমৃতহে বৰৰে। গদ্যেৰে যি কথাৰ বাখ্যা কৰা হয় তাক ভালকৈ ভাগি লিখিব লাগে; পাঠকে যেন পঢ়ি যাওঁতেই এটাইখিনি কথা বুজি যায়। কোনো কোনো লিখকে দুই চাইটা কথা লুকাই ৰাখে, কিন্তু তাৰ পৰা ভাল নহৈ বেয়াহে হয়। প্ৰবন্ধ গভীৰ সাৰুৱা কৰিবৰ মনেৰে কথাৰ তলত কথা, তাবৰ তলত ভাব লুকাই থয়, আৰু এটা কথা কৈ আন এটা কথা বুজাই দিব খোজে হয়, কিন্তু গদ্যত এই নিয়ম নাখাটে। ইয়াৰ ফলে বৰ বেয়া হয়। আমি যে কথা লুকাই থোৱাৰ কথা ফলে। তাৰ পৰা এনে নাভাবিবা যে লিখকে কবলগীয়া কথাকো কবলৈ এৰে। ভাব লুকুৱাৰ অৰ্থ বেলেগ। ইয়াৰ উদাহৰণ সাথৰত পোৱা যায়। ঘি মানুহে সাঁথব সাজে তেওঁলোকে