সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অধ্যায়। গদ্য। ভাষাৰ কি নপৰ মহিমা! তাৰ অবিহনে মানুহৰ কি বলা হলহঁতেন? সূতেনো মানুহে তাৰ সৰতা নাম থৈ চৰণত ফুল জল দি পূঞ্জে নে? ভাষা নোহাৱা হলে এই সুখময় ধৰণী কেৱল দুখৰ আলয় হল হেঁতেন। মানুহে এই দৰে জ্ঞানৰ বৰাহ কৰিবলৈ আৰু আন জীৱ জন্তু তকৈ শ্ৰেষ্ঠ বোলাৰলৈ নোৱাৰিলেহেঁতেন আৰু আজি কাল যিবোৰ অদ্ভুত বস্তু দেখা যায় সিও হব নোৱাৰিলেহেঁতেন। এই জগত আঁউসীৰ ৰাতি যেন দোৰ্ঘোৰ আন্ধাৰ হল (ইতেন। মানুহৰ মনৰ কথা মনতে থাকিল হেঁতেন। তাধৰি গুণৰ অন্ত নাই। তাৰ গুণত আমি বহুত বিপ- দৰ পৰা তৰিছে।। মনত বিষাদ লাগিলে আনৰ আগত তাকে কৈ অৰূপ সান্তনা পাইছে, আৰু আনন্দ লাগিলে তাক প্ৰকাশ কৰি সন্তোষ লতি”ছ। কিন্তু মনৰ ভাব ক- 'ৰে প্ৰকাশ কৰিবলৈ কেইবাটাও নিয়ম আছে, তাৰে এটাৰ নাম গদ্য। কথা কবৰ আৰু লিখিবৰ এইটোৱেই সাধাৰণ স্বাভাবিক ধৰণ। আমি সৰুৰে পৰা এই নিয়মেহে বথা কবলৈ শিকে:। লৰাই মাকত এই প্ৰণালীৰেহে আহাৰ খোজে, মাকে ও সৰক এই প্ৰণালীত কথা কৈহে মৰম কৰে, আৰু কান্দিলে নিচুকায়। খাওঁতে শোওঁতে সদাই আমি গঙ্গত কথা কওঁ। গদ্যৰ লক্ষণ কেনেকুৱা তাক স