ভাব প্ৰকাশ কৰিছিল। এতিয়াৰ মানুহে উপমা এৰি কথাত ধৰিছে, কথাৰেই সকলো বিষয় বুজাই দিয়ে। আমাৰ বিবেচনা মতে আগৰ লিখক বিলাকৰ আৰু এটা দোষ আছিল। তেওঁলোকে চলিত ভাষাৰে কথা লিখিবলৈ ঘিনাইছিল। মানুহে সদাই যিবোৰ শব্দেৰে কথা বাৰ্ত্তা কয়, সেইবোৰ শব্দ সিবিলাকে ব্যৱহাৰ কৰিবলৈ কিছু বেয়া পাইছিল যেন বোধ হয়। ইয়াৰ ফল হৈছিল এই, যে সাধাৰণ মানুহে অৰ্থাৎ অলপ লিখা পঢ়া জনা মানুহে পণ্ডিতে লিখা কথা বুজিব নোৱাৰিছিল। এই দোষে আজি কালি কেৱল সংস্কৃত জনা পণ্ডিৎ বিলাকক চুইছে। তেওলোকে চুটি সৰু শব্দৰে কথা লিখিবলৈ বেয়া পায়। লাহে লাহে এইবোৰ দোষ উঠি যাব ধৰিছে, আৰু কিছুমান দিনৰ মূৰত বোধ কৰো মুঠে নাইকিয়া হব। এতিয়াৰ লিখকৰ বাক্যবোৰ চুটি চুটি, আগৰ নিচিনা আজি কালি কথা যোৰাই বাক্য দীঘল নকৰে। ইয়াতে আৰু এটা কথা কোৱা উচিত, যে দেশভেদে আৰু জাতিভেদে সাহিত্যৰো লক্ষণৰ অলপ ব্যতিক্ৰম দেখিবলৈ পোৱা যায়। এই বিষয় আমি এতিয়া আলোচনা নকৰোঁ। সম্প্ৰতি সাহিত্য ভাগ কৰি, তাৰ একো ভাগৰনো লক্ষণ কেনেকুৱা, এভাগৰ লগত আন ভাগৰ কি সমন্ধ আৰু সাহিত্যৰ নো মুঠতে কেই ভাগ এই কেটা কথাৰ বিচাৰ কৰিব লাগিব। ইয়াৰ লগতে দেশভেদে সাহিত্যৰ লক্ষণ কেনে হয় তাকো দেখুউৱা যাব।
⸻