সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাহিত্য বিচাৰ।

বেলেগ হৈছে তাৰ কথা মুঠে কোৱা নাই। আজি কালি যদি সাহিত্য কিছু বেলেগ হৈছে, তেনেহলে আদিতে কেনেকুৱা আছিল আৰু এতিয়ানো তাৰ ৰূপ কেনে হৈছে ; এইকেইটা কথাৰ মীমাংসা হলেই সাহিত্যৰ সাধাৰণ অৱস্থা ওৰ পৰে।

 সকলো বস্তুৰে যে পৰিবৰ্ত্তন আছে এই কথা সকলোৱে জানে। পৃথিবীৰ ভিতৰত এনে একো বস্তু নাই যি আদিৰে পৰা আজিলৈকে একে দৰে আছে। সাহিত্যৰো সেই দৰে সময়ৰ লগে লগে গঢ় লৰিবই লাগিছে। আদিতে যেনেকুৱা আছিল এতিয়া তেনে নহয়; ইয়াৰ প্ৰকাৰ আজি কালি বেলেগ হৈছে। আগৰ লিখকবিলাকে নামৰ আগত বিশেষণ গোটাচেৰেক সৰহকৈ দিব পাৰিলেই পণ্ডিতালি কৰা হয় যেন জ্ঞান কৰিছিল। পুৰণি ফলিবোৰত আৰু শীলত লেখা কথা পঢ়িলে শাৰী শাৰী কেৱল বিশেষণকে পোৱা যায়। তাৰ পৰা আচল সাৰ খিনি বিচাৰি লোৱাই টান। কৰ্ত্তা কৰ্ম্ম কৰবাত পৰি থাকে, পঢ়োঁতাই পুৰুষাৰ্থ কৰিহে সিহঁতক বিচাৰি পায়। একোটা প্ৰৱন্ধত কথা এধান মান, কিন্তু তাকে বিশেষণ লগাই লগাই বৃহৎ কৰে। এই দোষ আধুনিক লিখকৰ নাই। আজি কালি এঠাইত দুটা বা তিনিটাতকৈ বেছি বিশেষণ ব্যৱহাৰ নকৰে। এতিয়াৰ সাহিত্যত কিন্তু উপমাৰ হ্ৰাস দেখা যায়। আগৰ লিখক বিলাক যেনে সুন্দৰ সুন্দৰ উপমা দি কথা বুজাব পাৰিছিল, এতিয়া তেনেকুৱা উপমা অতি কম। আগেয়ে কবি সকলে আচল কথা ভাঙ্গি নকৈছিল, কেৱল উপমাৰেই