পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে


বুজাব পাৰে। সচৰাচৰ গছৰ ডাল যিমান দীঘল হয়, সিমান দীঘল হলেও সুদীৰ্ঘ বুলিব পাৰি, আৰু অদ্ভুত দীঘল হলেও সুদীৰ্ঘ বুলিব পাৰি। এই দুটা অৰ্থৰ কোনোটো সঁচা বুলি লব লাগিব তাক ঠাৱৰকৈ কোৱা টান। কিন্তু সেই বুলি মানুহে বৰ্ণনাৰ আচল ভাবটা ধৰিব নোৱাৰে নে? অৱশ্য পাৰে। সুদীৰ্ঘ বা অতিশয় দীঘল বুলিলে এনে বুজা যুগুত যে সচৰাচৰ গছৰ ডাল যিমান দীঘল হয় এই জোপা গছৰ ডালো সিমানেই দীঘল আছিল। কোনো এটা কথা লিখিব লাগিলে কিছু বঢ়াই নেলেখিলে নহয়; নাইবা বৰ্ণনাৰ ৰস নাইকিয়া হৈ পৰে। সেই গছ জোপাৰ ডালকেটা বৰ্ণাওতে যদি সুদীৰ্ঘ নুবুলি এশ বা ডেৰশ হাত বুলি আচল জোখটো দিয়া যায়, তেনেহলে প্ৰৱন্ধৰ ভাষা সুললিওঁ নহব পাৰে, বা আন কোনো প্ৰকাৰে বেয়া হব পাৰে। এই কথাটো মানুহে গনি নাচায়। বৰ্ণনাত যি পায় তাক বিস্বাস কৰে। ৰামায়ণত কয় যে হনুমন্তে হেনো নোমে নোমে একোখান পৰ্বত বান্ধি জপিয়াইছিল, এই কথাটো কেৱল ভাবৰ বহুলতা মাথোন। ইযাৰ দ্বাৰাই কবিয়ে দেখাইছে যে হনুমন্ত বৰ বলবান আছিল। তেঁও বৃহৎ বৃহৎ পৰ্বতকো তৃণ যেন দেখিছিল। **********