পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১0
সাহিত্য বিচাৰ

তাক আদৰ কৰি ৰাখে, হেঁপাহ কৰি পঢ়ে। ইয়াৰ কাৰণ এই যে শকুন্তল বত্ৰিশ অলঙ্কাৰে বিভূষিতা। তাক পঢ়িলেই মানুহৰ মন মোহে। যি সাহিত্যৰ ৰস বুজা মানুহে এবাৰ শকুন্তলা পঢ়ি চাইছে, সি কেতিয়াও তাক পাহৰিব নোৱাৰে।

 যদিও অলঙ্কাৰে সাহিত্যৰ ইমান উপকাৰ কৰে, তাৰ পৰা যে কিছু কিছু অপকাৰ হোৱা নাই এনে নহয়। অলঙ্কাৰ লগাওঁতে দুই চাইটা নলগা শব্দ বা উপৰুৱা ভাব ব্যৱহাৰ কৰিব লগাত পৰে। যি কথা আচলতে নাই তাকো কেতিয়াবা আছে বুলি কব লাগে। পাচে, যি মানুহে পঢ়ে তেওঁ অলঙ্কাৰৰ কথাখিনিকো সচা বুলি ধৰি থয়। সাহিত্যৰ ভিতৰত যদি কিবা ঘুণ আছে, সি শব্দৰ আৰু ভাবৰ বহুলতাইহে। বহুলতাই অনেক মানুহৰ ভ্ৰম জন্মায়। এই নিমিত্তেহে বোধকৰো মূলতে মিছা কথাতো মানুহৰ অটল বিশ্বাস দেখা যায়। মানুহে এই কথাটো ভাবি নাচায় যে কোনো এটা বস্তুৰ বৰ্ণনা কৰিব লাগিলে, আৰু সেই বৰ্ণনা যদি ধুনীয়া কৰিব খোজা যায়, তেনেহলে মাজে মাজে দুই এটা বিশেষণ ব্যৱহাৰ কৰিব লগা হয়। সেই বিশেষণবোৰৰ ভাব নানা প্ৰকাৰ হব পাৰে। বিবেচনা কৰাঁ, তুমি এজোপা গছ বৰ্ণবা সেই গছৰ ডাল বোৰ বৰ দীঘল। পিচে বৰ্ণনাত তুমি লিখিব লাগিব যে তাৰ ডালবোৰ সুদীৰ্ঘ বা অতিশয় দীঘল আছিল। বৰ দীঘল বুজাবলৈ যি দুটা বিশেষণ ইয়াত ব্যৱহাৰ কৰা হল, তাক দেখোঁতে সিমান জটিল বা দ্ব্যৰ্থযুক্ত যেন নেদেখা হয়, কিন্তু অৰ্থ ভাঙ্গিবৰ সময় তাৰ কেইবাটাও অৰ্থ ওলায়। সুদীৰ্ঘ বুলিলে কেৱল নিয়মিত ৰূপ দীঘলহে বুজায় যে এনে নহয়, অস্বাভাবিক দীঘল