পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাহিত্য বিচাৰ।

পৃথিবীত আন যিবিলাক জাতি আছে তেওঁলোকৰ সাহিত্যতো এই দোষ বা দোষযুক্ত অলঙ্কাৰ আছে; কিন্তু হিন্দু, গ্ৰীক আৰু মুছলমানৰ সাহিত্যত বৰ বেছি পৰিমাণে দেখা যায়। আন জাতিৰ লিখকে যদি একক চাৰি কৰে, হিন্দু আৰু মুছলমানে তাক চাৰি হাজাৰ নকৰে মানে নেৰে। এই দোষ অৱশ্যে একেবাৰে গুচাব নোৱাৰি, কিয়নো ই সাহিত্যৰ এবিধ অলঙ্কাৰ। কিন্তু বহুতকৈ এনেকুৱা অলঙ্কাৰ লগালে ভাষা সুৱনী নহৈ কদাকাৰহে হয়।

 ভাষাক অলঙ্কাৰ পিন্ধাবলৈ খোঁজোতে কেতিয়াবা মিছা কথাও কব লগা হয়, অৰ্থাৎ যি বস্তুটো বা গুণটো নাই তাকো আছে বুলি কব লগাত পৰে। এই দোষটো প্ৰায় আখৰ মিলাওঁতে বা শুনিবলৈ সুললিত কৰোঁতেহে হয়। এটা আখৰৰ নিচিনা আন এটা শব্দ লগাওঁতে লিখকে দুই চাইটা মিছা কথা লিখে। বিবেচনা কৰাঁ, এটা মানুহক তুমি উত্ৰাৱল বুলি বৰ্ণিছা, কিন্তু উত্ৰাৱল শব্দটোৰ দৰে আৰু দুই চাইটা শব্দ আছে; যেন উগ্ৰ, উষ্ণ, বা উটনুৱা। পিচে লিখকে যেতিয়া উত্ৰাৱল শব্দটা লিখে তেতিয়া ভাষা সুশ্ৰাব্য কৰিবৰ মনেৰে উগ্ৰ বা উটনুৱা কথাও লিখি পেলাব। লিখকে জানিব পাৰে, যে উত্ৰাৱল মানুহ জন উগ্ৰ বা উটনুৱা নাছিল, তেওঁ দুয়োটা শব্দ একে লগে লিখিলে শুনিবলৈ ভাল হয় দেখি তেওঁ অৰ্থলৈ বৰ কাণ নকৰে। এনেকুৱা কথা সকলো প্ৰৱন্ধতে পোৱা যায়। ইও সাহিত্যৰ এবিধ অলঙ্কাৰ, এতেকে এই দোষ গুচাবৰ একো উপায় নাই।

 ভালকৈ গমি চালে দেখা যায়, যে কথা লিখি উলিয়ালে