পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাহিত্যৰ সাধাৰণ লক্ষণ

বাক্যটোৰ ভাষা বিচৰা নাই, আমাৰ মন তাৰ সাহিত্যতহে আছে। আৰু এই দৰেও ভাবি চাব পাৰি, যে ঈশ্বৰক দয়াৰ সাগৰ নুবুলি দয়াতৰঙ্গিনী বা দয়াকুপ বোলা ভাল আছিল বা দয়াকূপ বোলা ভাল আছিল বা দয়াকূপ বুলিলে নিমিলে, কিয়নো ইশ্বৰ সৰ্ব্বব্যাপী, এতেকে দয়ানদী বোলা যাওক, বা এই শব্দটো শুনিবলৈ কৰ্কশ, এতেকে দয়াতৰঙ্গিণী বোলা ভাল; এনেকুৱাবোৰ কথা লৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়।

 এতিয়া সুন্দৰ ৰূপে বুজিব পাৰি, যে সাহিত্য কোনো ভাষাৰ অলঙ্কাৰ মাথোন। এই অলঙ্কাৰবোৰ গুচাই যদি ভাষাক একে বাৰে উভ নাঙট কৰা যায়, তেন্তে তাৰ এই ৰূপ নাথাকে। কিন্তু ভাষাক একে বাৰে নিৰলঙ্কাৰ কৰা অতি দুস্কৰ। তাক বেয়া সাজ পিন্ধাই দেখিবলৈ কুৎসিৎ কৰিব পাৰি, কিন্তু সমূলি নাঙট কৰিবলৈ টান। কিয়নো শব্দই ভাষাৰ অলঙ্কাৰ, আৰু আগত কোৱা হৈছে, যে শব্দই তাৰ মূল। যদি শব্দ এটাইবিলাক কাঢ়ি নিয়া যায়, তেন্তে ভাষাই নাথাকে। ভাষাক সুৱনী কৰিবলৈ মানুহে নানা বিধ অলঙ্কাৰ পিন্ধায়। কেৱল ভাষাই মানুহৰ মন টানিব নোৱাৰে। বেয়াকৈ লিখা পুথি পঢ়িবলৈ কাৰো মন নাযায়। তেনেকুৱা পুথি এবাৰ পঢ়ি চালেই দুনাই মেলিবলৈ বেয়া লাগে। কিন্তু ভাল বছা শব্দ, সূৰৰ উপমা, বা নতুন মনোহৰ ভাবেৰে সজাই পুথি লিখিলে তাক সকলোৱে আদৰ কৰে। তাক এবাৰ পঢ়িলে আকৌ পঢ়িবলৈ মন যায়। কালিদাসে শকুন্তলা লিখিবৰ আজি কত যুগ হল, তেও সেই শকুন্তলা পঢ়ি মানুহে আজিলৈকে ৰস পায়, আজিও সকলোৱে