পৃথিবীত যত বস্তু আছে তাৰ সকলোৰে দুই পিঠি। কথাৰো ভাব ঠিক এনেকুৱা। এটা লিখা প্ৰৱন্ধৰ দুটা পিঠি, তাৰে এপিঠিৰ নাম কথা বা শুধ ভাষা আৰু আনটো পিঠিৰ নাম সাহিত্য। যেতিয়া আমি প্ৰৱন্ধত কোৱা কথাকেটালৈ মাথোন মন কৰোঁ, অৰ্থাৎ লিখকে যি ভাব প্ৰকাশ কৰে তাত মাথোন মন দিওঁ, তেতিয়া আমাৰ চকু কেৱল ভাষাতহে থাকে। কিন্তু যদি তাক এৰি বা তাত বাজেও লিখকৰ লিখাৰ ধৰণলৈ চাওঁ অৰ্থাৎ লিখকে কেনেকৈ মনৰ ভাব প্ৰকাশ কৰিছে, তেওঁ কি কি শব্দ ব্যৱহাৰ কৰিছে, কি উপমাৰে বুজাইছে, আৰু কেনে ভাবত লিখিছে, এই বোৰ কথালৈ মন দিয়া যায়, তেন্তে সেই প্ৰৱন্ধৰ তেতিয়া সাহিত্য বিচৰা হয়। মুঠতে কব লাগিলে লিখকে যি কয়, তালৈ মন কৰিলে ভাষা আৰু যেনেকৈ কৈছে তালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। যি মানুহে প্ৰৱন্ধত কোৱা কথা অৰ্থাৎ বাতৰিটো মাথোন বিচাৰে তেওঁ সেই প্ৰৱন্ধৰ সাহিত্য নেদেখে। সাহিত্য বিচৰা মানুহে প্ৰৱন্ধত থকা উপমাৰ মিল, শব্দৰ পাতনি, ভাবৰ গাঁথনি, আৰু লিখাৰ প্ৰণালীলৈ মন কৰে। এটি উদাহৰণ দিওঁ চোৱা। “ঈশ্বৰ দয়াৰ সাগৰ" এই এটা বাক্য। এতিয়া আমি যদি বাক্যটা পঢ়ি ইয়াকে বুজি থওঁ যে ঈশ্বৰ বৰ দয়ালু' তেনেহলে আমি তাৰ ভাষাতহে মন দিলোঁ। কিন্তু যদি এই দৰে ভবা যায়, যে এই ঠাইত ঈশ্বৰ নিদি পৰমেশ্বৰ লিখা হেঁতেন শুনিবলৈ ভাল হলহেঁতেন, বা ঈশ্বৰ শব্দটোৱে এই ঠাইত সুন্দৰ ৰূপে খাই পৰিছে আন শব্দ দিলে বেয়া হব, তেনেহলে আমি তেতিয়া
পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১২
অৱয়ব