সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাহিত্যৰ সাধাৰণ লক্ষণ।

চালি-জাৰি উলিয়ালেহে পােৱা যায়। সি ভাষাৰ তলত ঢাক খাই থাকে, বিচাৰি উলিয়ালেহে ওলায়। ভাষা এটা বস্তু সাহিত্য তাৰ ৰূপ, ভাষা শৰীৰ সাহিত্য আত্মা, বা ভাষা পদার্থ সাহিত্য তাৰ গুণ। নাইবা, এই দৰেও ধৰিব পৰা যায়, যে ভাষা এটা ফুল, সাহিত্য গােন্ধ, ভাষা মাটিকঁঠাল সাহিত্য তাৰ সোৱাদ।

 এই দৰে ভাষাৰ মাজৰ পৰা সাহিত্য বিচাৰি উলিয়াকে সাহিত্য শিক্ষা বোলে। এই শিক্ষা অবদ্য অতি টান কাম অলপ শ্ৰম কৰি সাধিব নােৱাৰি। গুৰিৰ পৰা লাহে লাহে অভ্যাস নকৰিলে একে দিনে যে সাহিত্যৰ ৰস বুজাৰ উপা।। এনে কথা কেতিয়াও মনত ঠাই নিদিবা। এই কাম কৰিবলৈ যে কতবা কিছুমান নিয়ম আছ এনে নহয়। এনেয়ো থকাহেঁতেন ই ইমান টান হবই নােৱাৰে। যি যি কোনো নিয়ম বন্ধা আছে, অর্থাৎ নিয়ম অনুসৰি চলিলেই যি কাৰ্য সিদ্ধি হয়, তাক টান কাম বুলিব নোৱাৰি। কিয়নো, নিয়ম হাজাৰ টান হলেও, মানুহে পুৰুষাৰ্থ কৰি তাক বুজিব পাৰে, আৰু সেই দৰে চলিব পাৰে। যিবােৰ কামৰ একো নিয়ম নাই সেই বোৰেহে আচলতে টান। এই দেখি সাহিত্য শিক্ষা সুৱলা কৰিবলৈ একো উপায় দিব নােৱাৰি। যি তাক শিকিব খোজে তেওঁ কিছুমান দিন মন দি ধৰিলেই অপােনা আপুনি বহুত উপাই ওলায় পৰিব। ইয়াত শিকোঁতাৰ সহায় কৰিবৰ নিমিত্তে আমি স্থূল স্থূল দুই চাইটা কথা উনুকিয়াম। এই আৰ্হি অনুসৰি কাম কৰিলে যে কিছু উপকাৰ হব, তাত আমাৰ এক ধনিস্তাও সন্দেহ নাই।