পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কাবুলী সাধু।

পানী দি দি তোলা হইছে। যেনে অৱস্থাত যি উঠিছে, তেনে অৱস্থাহে তাৰ নিমিত্তে ভাল। ফুলনীৰ গছবিলাকত পুলিৰে পৰা পানী নিদিয়াহেতেন, এতিয়াও দিব নেলাগিলহেতেন। কিন্তু হঠাৎ পানী দিয়া বন্ধ কৰিলে গছ মৰিবই মৰিব। মাইকী মানুহবিলাকৰ সমূলি বুদ্ধি নাই।

 কুৱঁৰী—“মহাৰাজ, বান্দীৰ অপৰাধ মাৰ্জ্জনা কৰিব। কিন্তু যদি সেইয়ে হয়, তেন্তে আমিনো কেনেকৈ, একে দিনাই “নোমেড্” তিৰোতবিলাকৰ দৰে ঘোৰ পৰিশ্ৰমী হব পাৰোঁ? “আমাক জানো সৰুৰে পৰা পৰিশ্ৰম কৰিবলৈ নিদি সুখীয়া কৰা হোৱা নাই? সুখীয়া হোৱা বেয়া। কিন্তু আমাক একে দিনাই পৰিশ্ৰমী কৰি পেলাব খুজিলে আমাৰ দশা ঠিক ফুলনীৰ পানী-নিদিয়া গছবিলাকৰ নিচিনা নহবনে?”

 ৰজাই কথাটো ঠিক বুলি মানিলে আৰু সেই দিনাৰ পৰা আকৌ চাকৰ চাকৰণী নিযুক্ত কৰি দিলে। কিন্তু লগে লগে কুৱঁৰীবিলাকে ক্ৰমে পৰিশ্ৰমী হবৰ সুবন্দোবস্তও কৰিলে।

⸻⸺