পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সাধু কথাৰ জোলোঙা ।

গছবোৰৰ তেজ আগতকৈ বহুত কমি আহিবলৈ ধৰিলে আৰু ক্ৰমে দুই চাৰি জুপীকৈ জঁয় পৰি শুকাই যাবলৈ ধৰিলে। ফুলনীৰ শোভা বহুত নষ্ট পালে। আমীৰ মহোদয়ে এদিন এই বিষয়ে লক্ষ্য কৰিলে আৰু তৎক্ষণাৎ মালীক মতাই আনি কাৰণ সোধিলে। মালীয়ে ৰাজকুৱঁৰীয়ে হুকুম দিয়াৰ কথা সকলো ভাঙি কলে।

 আমীৰৰ বৰ খঙ উঠিল আৰু ৰাজকুৱঁৰীক মতাই আনি তেনে হুকুম দিয়াৰ বাবে বহুত দাবি দিলে। ৰাজকুৱঁৰীয়ে হাতজোৰকৈ কলে—“মহাৰাজ, হাবিত বহুত ফুলগছ “মেওৱা” গছ থাকে। সেইবোৰ কেৱল বৰষুণৰ পানী পাইয়েই বৰ বৰ একো জোপা হয়। সেইবোৰ গছৰ ফল ফুলও ভাল হয়। আমাৰ বাগিচাৰ গছবিলাকক ইমনি যত্ন কৰা যায় তেও ইহঁত হাবিৰ গছৰ দৰে তেজাল আৰু ডাঙৰ নহয়। জানোচা দিনৌ পুৱা গধূলি পানি দিয়াৰ পৰাই বা ইহঁত তেজাল নহয়, ইয়াকে ভাবি, মই অলপ দিন ইহঁতৰ গুৰিত পানী নিদিয়াকৈ ৰাখি চাব খুইছিলোঁ। কিন্তু এতিয়া বুজিলোঁ পানী নিদিয়াৰ পৰা অপকাৰহে। এতিয়াৰ পৰা আকৌ পুৱা গধূলি পানী দিয়া যাব।”

 ৰজা—“কি মূৰ্খ! হাবিৰ গছে পুলিৰে পৰা পানী নোপোৱাকৈ ডাঙৰ হইছে। সেইবোৰ গছে আৰু ফুলনীৰ গছে সমান হব কেনেকৈ?— ফুলনীৰ গছ পুলিৰে পৰা সাৰ