পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কাবুলী সাধু।

লাগি গল। নিজৰ ভাত নিজে ৰান্ধিব লগিয়া হোৱাত আৰু নিজৰ কাপোৰ নিজে ধুই লব লগাত পৰাত কুৱঁৰীবিলাকৰ নথৈ দুৰ্দ্দশা হল। ভাত ৰাধোঁতে কাৰাবাৰ হাত পুৰিল, কাৰাবাৰ বা ভৰি পুৰিল। কোনোৱে বা বেমাৰেই পৰিলে ইত্যাদি। ৰাণী, ৰাজকুৱঁৰী সকলে নিজ নিজ দুখ বিনাই আকৌ চাকৰ চাকৰণী ৰাখিবলৈ ৰজাক বহুত কাবৌ কাকুতি কৰিলে। কিন্তু সকলো মিছা হল। কুৱঁৰী সকলক পৰিশ্ৰমী কৰা ৰূপ মহৎ উদ্দেশ্যৰ পৰা ৰজা কোনো মতেই ভ্ৰষ্ট নহল।

 ৰজাৰ আন্তঃপুৰত এগৰাকী লাগী কুৱঁৰী আছিল। কাবৌ কাকুতি সকলো বৃথা হোৱা দেখি তেওঁ আন এটা উপায় উলিৱালে। ৰজাই অন্তঃপুৰৰ সকলো চাকৰ চাকৰণীক বিদায় দিছিল হয়, কিন্তু নিজৰ ফুলনীবাৰীৰ মালীটোক বিদায় দিয়া নাছিল। মালীয়ে বাগিচাৰ ফুলগছ “মেওৱা’’ গছ ইত্যাদিৰ গুৰিত ৰীতি মতে আগৰ দৰে মাটী চলাই দিবলৈ আৰু পুৱা গধূলি পানী দিবলৈ এৰা নাছিল। ৰাজকুৱঁৰীয়ে এই কথা বুজ পাই মালীক তৎক্ষণাৎ মতাই অনালে আৰু গছবিলাকৰ গুৰিত পুৱা গধূলি পানি দুনি দিবলৈ মনা কৰিলে। লাগী কুৱঁৰীৰ হুকুম বুলি মালীয়ে কোনো প্ৰতিবাদ কৰিবলৈ সাহ নকৰিলে আৰু হুকুম মতে কাৰ্য্য কৰিবলৈ মান্তি হল।

 পানি দুনি দিবলৈ বন্ধ কৰাৰ অলপ দিনৰ পাছতে