পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাধা কিলাই মানুহ কৰা।

 এইদৰে ধোবাই দিনৌ কছাৰিলৈ গই হাকিমক পঘা আৰু টাঙোন দেখুৱাবলৈ ধৰিলে। হাকিমে বিস্ময় মানিলে কিন্তু মুখফুটি একোকে নকলে। তেওঁ ভাবিবলৈ ধৰিলে — “কি কথা? এই মানুহটো দিনৌ কছাৰিলৈ আহে কিয়? আৰু পঘা টাঙোন দেখুৱাই, মোৰ চকুলৈ চাই তেনে কৰে কিয়? ই বলিয়া নে কি? কি উপায় কৰা যায়? ইয়াক টেকেলা লগাই বাহিৰ কৰিলেও এই পঘা- টাঙোন দেখুৱাৰ কথাটো সকলোৰে আগত প্ৰকাশ হই পৰিব। বিশেষতঃ উকিল আৰু উকিলৰ মহৰীখনে উৰাই ঘূৰাই হাঁহিব। মই সকলোৰে উপহাসৰ পাত্ৰ হই পৰিম। কিন্তু সেই বুলি এনেটো অপমান দিনৌ সহি থাকিবও নোৱাৰি! সি এইদৰে পঘা-টাঙোন দেখুৱালে মোৰ ভাববিলাক আউল জাউল হই পৰে আৰু মই মকৰ্দ্দমালৈ সম্পূৰ্ণ মনোযোগ দিব নোৱাৰা হওঁ। ইয়াৰ এটা উপায় সোনকালে কৰিবই লাগিব। বাৰু তাক এদিন নিৰলে মাতি সোধা যাওক, সি কেলৈ দিনে তেনে কৰে’’ ইত্যাদি।

 তাৰ পাছদিনাখন সৌভাগ্যক্ৰমে সৰহ মকৰ্দ্দমা নথকাত হাকিমে সোনকালে আহৰি পালে, মকৰ্দ্দমা কৰা মানুহবিলাক তেওঁৰ কোঠাৰ পৰা গুচি গল। কিন্তু ধোবা নগল। সি এতিয়া এচুকে ঠিয় হই পঘা-টাঙোন ভালকৈ দেখুৱাই হাকিমলৈ বৰকৈ টিপিয়াবলৈ ধৰিলে। হাকিমৰ