পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাধু কথাৰ জোলোঙা।

বৰ খঙ উঠিল আৰু ধোবাক ওচৰলৈ আহিবলৈ কলে। “মোৰ গাধায় মোক এতিয়াহে চিনি পালে” বুলি ভাবি ধোবাই একে জাপে হাকিমৰ ওচৰ পালেগৈ। হাকিমে সুধিলে “তই কৰ মানুহ? দিনৌ কছাৰিলৈ আহি এনে কৰ কিয়?”

 ধোবাই কলে—“এ—আপুনি মোক চিনি পোৱা নাই? আপুনি আগৈয়ে গাধা আছিল নহয়?”—কিন্তু ইমানতে হাকিমে তাক আৰু তাইন কোনো কথা কবলৈ নিদিলে। কোনোবাই কৰবাত-কেনেবাকৈ শুনিব বুলি তাক “চুপ চুপ” বুলি মনে মনে থাকিবলৈ কলে। ধোবা মনে মনে থাকিল হাকিমে খকৰ মকৰকৈ তাক কলে, “তোৰ লগত এতিয়া মোৰ কথা হবৰ সময় নাই। আজি গধূলি তই মোৰ বঙলালৈ যাবি। তাত কথা হম।”

 ধোবাই ভাবিলে “নিশ্চয় ই মোৰ গাধাটোৱেই? মোক এতিয়া ভালকৈ চিনি পালে? লাজত ইয়াত সৈ নেকাঢ়িলে! মনে মনে সৈ কাঢ়িবলৈ ঘৰলৈ মাতিছে” ইয়াকে ভাবি সি তৎক্ষণাত হাকিমৰ বঙলালৈ যাবলৈ মান্তি হল। আৰু কছাৰি ঘৰৰ পৰা বাহিৰে বাহিৰে হাকিমৰ ঘৰৰ ফাললৈ যাবলৈ ধৰিলে।

 ধোবা গই গধুলি হাকিমৰ ঘৰ ওলালগৈ। সি যোৱা মাত্ৰে হাকিমে তাক এটা কোঠালিলৈ লই গৈ তাৰ লগত নিৰলে কথা পাতিবলৈ ধৰিলে। নানাৰূপে প্ৰশ্ন কৰি