পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধু কথাৰ জোলোঙা।

এফেৰিকে ছল নেপালে। সিও ঘৰলৈ উভতি গল। পাছদিনাখন খাই বই পঘা আৰু টাঙোন হাতত লই আকৌ ধোবা কছাৰি ঘৰ ওলালগৈ। সেই দিনও একো সুবিধা কৰিব নোৱাৰিলে। কিন্তু আক তাক সোধি হাকিমৰ থকা ঠাইৰ ঠিকনাটো ললে আৰু হাকিম যাবৰ পাছত গধূলি তেওঁৰ ঘৰৰ আগত ওলালগৈ, কিন্তু হাকিমৰ ঘৰৰ গাম্ভীৰ্য্য দেখি বেচেৰা ধোবাই ওচৰ চাপিবলৈ সাহ নকৰি আলিতে কিছুমান পৰ ৰই থাকি ঘৰলৈ উভতি গল।

 পছদিনাখন পঘাই টাঙোনে সৈতে আকৌ কছাৰি ঘৰলৈকে গল, কিন্তু আজি এটা নতুন বুধি উলিয়ালে!— পঘা গছ ভালকৈ মেৰিয়াই লই এখন হাতে মুঠি মাৰি ধৰি আৰু আনখন হাতে টাঙোন দাল লই হাকিমে মকৰ্দ্দমা লোৱা কোঠালিটোৰ এদাঁতিত ঠিয় হই থাকিলে। তাত ভালেমান আন আন মানুহ আছিল। সেই বাবে তালৈ কোনেও বিশেষকৈ চকু নিদিলে। এইদৰে ঠিয় হই থাকি সি হাকিমৰ মুখৰ ফাললৈ চাই থাকিবলৈ ধৰিলে। আৰু হাকিমে মকৰ্দ্দমা লই থাকি থাকি কেনেবাকৈ তাৰ ফাললৈ চালেই, সি লাহেকৈ হাত দুখন অলপ ওখলৈ তুলি তেওঁক পঘা আৰু টাঙোন দেখুৱাই একোটা টীপ মাৰি মিচিক মিচিক্ হাঁহিবলৈ ধৰিলে। হাকিমে কেবাবাৰো তাক এনে কৰা দেখিলে। কিন্তু নেদেখা ভাও জুৰি থাকিলে। তেওঁ

ভাবিলে “মানুহটো বলিয়া হবলা।”