বাপেকে দৰাৰ বাপেকৰ পৰা কিমান ধনবস্তু লব। পোন বাটে কবলৈ গলে,
অৰ্থাৎ ছোৱালী জনী সি কিমান দৰত বেচিব।
ছোৱালীৰ বাপেকে এহাল বলদ গৰু, এজনী গাই, আৰু সাত টকা
ৰূপৰ “দাওৱা” বা দৰ কৰি বহিল; দৰাৰ বাপেকে ইমান খিনি দিব
নোৱাৰোঁ বুলি অস্বীকাৰ কৰি উঠিল! দুয়োৰো বান্ধ দুয়ো আটি ধৰাত
মাজতে বিয়াৰ বান্ধ টো ভটৰ্ কৰি ছিগি থাকিল, আৰু ৰতন-জুমুৰী নিৰাশা
নাদৰ দ তলিত উফৰি পৰিল। দুই লুভীয়া আৰু কিৰ্পিণ মহৰ যুজত
মাজতে নিৰ্দ্দোষী বিৰিণাৰ মৰণ মিলিল।
⸻
পঞ্চম অধ্যায়
পৰ্ব্বতৰ পৰা নৈ কোবেৰে বৈ আহিছে, ভেটা দি ৰাখে কাৰ সাধ্য!
এপিনে ভেটা দিলে সি আনপিনে দুগুণ কোবেৰে ভাঙ্গিছিঙ্গি বৈ আহি
তাৰ হোৰ তুলিব। এদিন ৰতন-জুমুৰী অদৃশ্য হল। কোনেও সিহঁতক
বিচাৰি নেপালে।
ঘৰৰপৰা পলাই আহোঁতে ৰতনৰ হাতত সমল ধেনু-কাঁড়, জুমুৰীৰ ভৰিত
সমল সেই নেপুৰ ,আৰু দুইৰো উমৈহতীয়া সমল দ প্ৰেম।
* * * *
জুমুৰী-এই শিলটোৰ ওপৰত অলপ বহি জিৰাওঁ আহা, গোটেইটো
দিন খোজ কাঢ়ি কাঢ়ি মোৰ আৰু ভৰি নচলা হৈছেহি।
ৰতন - মোৰ ইয়াত বহিবলৈ ভয় লাগে; বদি কেনেবাকৈ সিহঁতে
অমাক বিচাৰি আহি পায়হি! সৌ যে ৰিণিকি ৰিণিকি দেখা গৈছে
পৰ্ব্বতটো, সেইটো নেপাওঁগৈ মনে আমি নিৰাপদ নহওঁ। আহাঁ মোৰ
বোকোছাত উঠাহি, মই লৈ গৈ থাকোঁ।