পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
ৰতনমুণ্ডা


বছৰেৰে সৈতে বিদায় দি গা-মন পাতলাই লৈ ৰঙত উৰাও মাৰিলে। কিন্তু ৰবাচোন চাওঁ; হাতে-খাৰুৱে লগ লগাদি লগ লাগি ডেও দি দি সৌ দুটী কোন নাচি ফুৰিছে? আমাৰ চিনাকী জুমুৰী আৰু ৰতন নে কি? হয় , থমকি থমকি দুয়ো দুইৰ মুখলৈ চাই ফুচ্ ফুচ্ কৰে কিবা কব লাগিছে। কি কৈছে? কোনে জানে কি কৈছে; কপৌৱে কপৌৱনীৰ মুখলৈ চাই কি কয়, ভাটোৱে ভাটোৱনীৰ কাণত কি ফুচফুচায় কোনে জানে? ঘূৰণীয়া পৃথিবীত আমিও নাচি ঘূৰি গৈ থাকো আহাঁ, বাটতে উজুটি খাই ৰবৰ আমাৰ সকাম কি?

চতুৰ্থ অধ্যায়

 কেৱ'ল নৰ-নাৰীৰ মন-সমুদ্ৰত ক্ষন্তেকীয়া ঢৌ তুলি মাঘপৰবৰ ধুমুহা বছেৰেকলৈ গুচি গল। কিন্তু এই ধুমুহাৰ চাটিটোৱে এই ক্ষন্তেকৰ ভিতৰতে কেইখন প্ৰেম মাৰনাও ভাঙিি গুটিয়া কৰিলে, কেইখন গুটীয়া নাও লগ লগাই মাৰ বান্ধিলে, কিমান বুৰালে, কিমান ফালিলে, কত অতৰি-থকা আৰু ভঙ্গা বুকুজোৰা লগালে, কত জোৰা লগা বুকু ভাঙ্গিলে আৰু আঁতৰালে কোনে কব পাৰে? আনৰ কথা আমাক নেলাগে : ৰতনমুন্দা আৰু জুমুৰীৰ আঁতৰি থকা হৃদয় দুখন প্ৰেম সুৱগাৰে জালি একেবাৰেই নিৰহ নিপানীকৈ জোৰাই যে সি একেখন কৰি দি গল, আন নহলেও, এই বাবেই আমি মাঘপৰৱৰ ওচৰত ধৰুৱা।
 ৰতনমুণ্ডাৰ প্ৰাৰ্থনা মতে বাপেক বেঙামুণ্ডাই এদিন ভাল দিন বাৰ চাই পুতেকৰ বিয়াৰ প্ৰস্তাৱ কৰি জুমুৰীৰ বাপেকৰ ঘৰলৈ মানুহ পুঠিয়াই দিলে। ছোৱালীৰ বাপেকে প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰাত “পানৰ”দিন ঠিক হল; অথাৰ্ৎ দৰাৰ বাপেক ছোৱালীৰ বাপেকৰ ঘৰলৈ গৈ তাৰে সৈতে মেল কৰি ঠিক কৰিবৰ দিন আহিল, যে ছোৱালীৰ বিয়া দিয়াৰ বাবে ছোৱালীৰ