পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
ৰতনমুণ্ডা


 ৰতনে জুমুৰীক বোকোছাত তুলি লৈ গৈ গধূলি এটা পৰ্ব্বতৰ গুহা পাই তাতে আশ্ৰয় ললেগৈ। গুহাৰ কাষেদি এটি সৰু পৰ্ব্বতীয়া জুৰি কুল্ কুল্ শব্দ কৰি কৰবালৈ বৈ গৈছে। চাৰিউফলে বনৰীয়া জন্তুৰে পৰিপূৰ্ণ অগাধ অৰণ্য।
 ৰাতি পুৱাল। নিশাচৰ জন্তু নিশাৰে সৈতে পলাল, দিবাচৰ জন্তু দিনৰে সৈতে ওলাল। ৰতনে ধেনুকাড় লৈ লৰালৰিকৈ এটা বনৰীয়া গাহৰি মাৰি আনি জুৰিৰ পাৰতে এধাপোৰা কৰিলে। তাৰেই দুয়োৰো আহাৰ কাৰ্য্য সমাপিত হল। আবেলি ৰতনমুণ্ডাই গা ধুবলৈ জুৰিত নামিল। জুমুৰী পাৰতে। ৰতনে পানীত বুৰ মাৰিলে। কিন্তু সেই বুৰ অনন্ত বুৰত পৰিণত হল। ৰতন আৰু নোলাল!
 গোটেইটো দিন জুমুৰীয়ে জুৰিৰ পাৰতে বহি বাট চাই কটালে, কিন্তু ৰতন আৰু নোলাল! ৰাতি হল। ৰতনক হাততে হেৰুৱাই কান্দি- কাটি তাই সেই গুহাতে পূৰ্ব্বৱতে সোমাই নিদ্ৰাৰ হাতত আত্ম সমৰ্পণ কৰিলে।
 আকৌ ৰাতি পুৱাল, আকৌ জুৰিৰ পাৰতে জুমুৰী বহি ৰতনক মাতি বিনাই কান্দি কাল কটালে, কিন্তু ৰতন নোলাল। ৰতনৰ ধেনু-কাঁড় লৈ, ওচৰৰপৰা জন্তু এটা মাৰি আনি পুৰি, দুভাগ কৰি, নিজে এভাগ খাই আৰু ৰতনলৈ এভাগ থৈ জুমুৰী বাট চাই আছে,হায়! তাইৰ ৰতন-মণি আৰু নাই!
 এইৰূপে সাদিন গল। ৰতন পানীৰ পৰা ওলাব এই মিছা আশাৰ সুতাত ওলমি, দিনত জুৰিৰ পাৰত বহি আৰু ৰাতি হলে গুহাত শুই জুমুৰীয়ে দিন কটাবলৈ ধৰিলে। এই নিঃসহায়, নিৰুপায়, অলপবুধীয়া, সৰল কোল ছোৱালীজনীৰ শোকৰ অৱস্থা বৰ্ণাব নোৱাৰি।