জুন্জুনী-ইয়াৰ বেচ কিমান?
ৰতন-বাৰ অনা।
বেচৰ কথা শুনি জুমুৰীয়ে “বলা সখি যাও” বুলি গিৰিব কৰে উঠিল।
বহাঁ বহাঁ, ইমাননো লৰালৰি লগাইছা কেলৈ?” বুলি জুন্জুনীয়ে জুমুৰীৰ
শাড়ীখনত অলপকৈ আজুৰি ধৰি তাইক বহুৱাই ৰতনৰ মুখলৈ চাই কলে,
“ইমান বেচৰ নেলাগে; সস্তা চাই এজোৰ দিব নোৱাৰানে হে? তোমাক
কৈ দিওঁ, আমাৰ হাতত মুঠেই দুঅনা পয়চাহে সমল।”
এইবাৰ দেৰটকা বেচৰ এজোৰ বঢ়িয়া নেপুৰ ৰতনে উলিয়াই আনি
কলে, “এইজোৰ দুঅনাত পাবা।” এই বুলিয়েই টপৰ্ কৰে বহি জুমুৰীৰ
ভৰিত সি নেপুৰ পিন্ধাবলৈ লাগি গল।
কোল ছোৱালীৰ নেপুৰ পিন্ধা এক ভয়ানক ব্যাপাৰ। নেপুৰ পিন্ধোতে
একোজনীৰ ভৰিত ঘা লাগি তেজ ওলাই যায়; আৰু কান্দোন কাটোন
চিয়ঁৰ-বাখৰ লাগি পৰে। কিন্তু পিন্ধা হৈ গলেই সেই কান্দোনৰ বতাহ
বৰষুণ উৰি গৈ সিহতঁৰ মূখত হাঁহিৰ নিৰ্ম্মল আকাশে দেখা দিয়ে। ৰতনে
যিমান পাৰে আলফুলকৈ নেপুৰজোৰ জুমুৰীৰ ভৰিত পিন্ধাবলৈ চেষ্টা
কৰিছিল; তথাপি যন্ত্ৰণাত তাইৰ চকুৰ লো ওলাবলৈ ধৰিলে। সি যিহত্তক,
অলপ বেলিৰ ভিতৰতে জুমুৰীৰ ভৰিৰে, নেপুৰেৰে, কান্দোনেৰে, হাঁহিৰে
বিপৰীত সম্মিলনী হল।
.
⸻
তৃতীয় অধ্যায়
অতি হেপাহৰ মাঘপৰব আহিল। কোল ডেকাডেকেৰীৰ অন্তৰে বাহিৰে আনন্দৰ ঢোল বাজি উঠিল। মুকলি পথাৰৰ মুকলি বতাহ মুকলিমূৰীয়া কোল ডেকাডেকেৰীৰ নাচোন-বাগোন গীতবাদ্যত খুলক লাগিল। সকলোৱে বছেৰেকীয়া দুখ-ভাগৰ এলাহ অনুৎসাহ খিয়লাখিয়লি দন্দ খৰিয়াল পুৰণি -