দ্বিতীয় অধ্যায়
ৰতনমুণ্ডা বেঙামুণ্ডা কোলৰ পুতেক; ওঠৰ বছৰ বয়সীয়া; ব্য়ৱসায়ত
কঁহাৰ; বাপেকৰ দোকানতে কঁহাৰৰ কাম কৰে। কাঁহৰ নেপুৰ খাৰু
ইত্যাদি গঢ়ি কোলসুন্দৰীহঁতৰ হাত-ভৰি অলঙ্কিত কৰি যি অলপ-অচৰপ
উপাজ্জৰ্ন হয়, তাৰেই বাপ পো উভয়ৰে সংসাৰ চলে।
বাপেক কিবা কামত কৰবালৈ গৈছিল; ৰতনমুণ্ডাই দোকানতে নিজৰ
কলা শৰীৰটো, আলিবাটত বগা চকুজোৰ, আৰু কৰবাত তাজী ঘোৰা
যেন মনটো থৈ বহি আছে , এনেতে জুমুৰী অৰু জুন্জুনী হাতত ধৰা
ধৰিকৈ ওলালহি।
জুন্জুনী—হেৰা ককাই, আমাক এজোৰ সস্তা চাই ভাল নেপুৰ
দিয়াছেন।
মুহুৰ্ত্ততে ৰতনে জুমুৰীৰ আপাদমস্তক নিৰীক্ষণ কৰিলে; কৰিব লাগিল।
জুন্জুনীৰ কথাষাৰ তাৰ কাণত পৰি, তেল-সনা গাত পানী পৰি পিচলি
যোৱা দি পিচলি গল।
জুন্জুনী - কিহেঁ, একো নেমাতা দেখোন? আমাৰ সখিৰ ৰূপ
দেখিয়েই ভোল গলা নে কি?
ৰতনমুণ্ডা-অ, কি কৈছা? কি লাগে। বোপাইৰ কথা সুধিছা।
তেওঁ কিবা সকামত এতিয়াই ওলাই গৈছে।
তাৰ কথা শুনি দুইজনী ছোৱালীয়ে খিল খিল কৰে হাঁহিবলৈ ধৰিলে।
ৰতন মহা অপ্ৰস্তুত। বেচেৰাৰ এলান্ধু-কলীয়া মুখ যথাসাধ্য ৰঙাহৈ উঠিল।
জুন্জুনী--বোলো, ককাই খবৰ কি? তোমাৰ গা ভাল? এওঁৰ ভৰিৰ
সস্তা চাই এজোৰ নেপুৰ দিয়া।
ৰতনে লৰালৰিকৈ উঠি জুমৰীৰ ভৰিৰ জোখ লৈ এজোৰ ভাল চাই
নেপুৰ উলিয়াই আনিলে।