লাগিলে, গৰু হালৰ গাত, কামৰ সময়ত “গাফিলি” কৰি কান্ধত যুৱলিৰেই
শুইপৰা জগৰ পৰে; আৰু গৰুৰ গৰাকীৰ গাতো হিন্দুৰ পূজ্য গোজাতীৰ
বিপক্ষে অতি অহিন্দু বাইক প্ৰয়োগ কৰা আদি ডাঙৰ জগৰ আহি পৰে।
লোকে যিহকে কওক, আমি কিন্তু লগনীয়া স্বভাৱৰ লোক নহওঁ। সেইবিলাক
টুটকীয়া কথা লগাই, একাদশী কৰি পেটে কঁকালে লগা বপুৰা শিশুৰামক
আৰু লঘোনে-ভােকে থবৰ আমাৰ ইচ্ছা নাই ; আৰু গৰু হালৰ ওপৰত
ভদৰীৰ শেলাই বন্ধগৈ থকা ভাল মাতটো ঘহি পিহি গুচাই দিবৰ অভিলাষাে
আমাৰ নাই। তৃতীয় কাৰণটো এই খিনিতে লগেভাগে কৈ থােৱা ভাল,
নাইবা, ভদৰী-শিশুৰামৰ এই উপাখ্যানটো এই পৃথিবীত অঙ্গহীন হৈ ৰব ।
যথা; মাটিৰ সীমা ঠেলা বাবে বেথাই বহুৱাৰে সৈতে সেই পুৱাই পথাৰত
শিশুৰামৰ অলপ খকা-খুন্দা লাগি আহিছে। খকা-খুন্দাটো, তপত ঘিউত
লুচি ওফন্দাদি ওফন্দি, ডাঙৰ হৈ উঠিছিল, কিন্তু গতি বিষম দেখি বহুৱা
বেথায়ে খােচ মাৰি, 'ওফন্দি উঠা ঢৌটো, ফুটাই দি পলাল দেখি জানিবা সেই
খকা-খুন্দা অৱস্থাতে ৰ'ল। এই বিচিত্র সংসাৰত পূৰ্ব্বাপৰ প্রচলিত নিয়ম
আছে, যে বাহিৰত যতে যিহতে পুৰুষৰ খং উঠক, তাত সেই খঙৰ সদ্ৱ্যৱহাৰ
বা অসদ্ৱ্য়ৱহাৰ তেওঁ কৰিব নোৱাৰিলে, ঘৰলৈ উভতি আহি ঘৈণীয়েকৰ
ওপৰত, সঁচাই-মিছাই সেই খং দপালি দি বৰমতা ওলায় । আমাৰ
সংসাৰী শিশুৰামো এই প্রচলিত নিয়মৰ বাহিৰা নহয় ।ইয়াৰ আগেয়ে
সি এদিন অঘাইটং বেথাই বহুৱাৰ পালতে পৰি নগুৰ্ণাগতি হৈ আহি,
গােহলিত এতিয়ালৈকে জাকি দিয়া হােৱা নাই বুলি, ঘৰ সোমায়েই
অনাহকতে ভদৰী বেচেৰীৰ পিঠিত ঔ পৰা কথাও আমি জানো।
গিৰীয়েকৰ এনে বৰ মতালিৰ মানে ভদৰীয়েও বঢ়িয়াকৈ বুজি, একো
নেমাতি আই বসুমতীৰ দৰে পিঠি পাতি দি সদাই সহি থাকে। বাস্তবিক
পক্ষতে ভদৰীৰ এনে বিশ্বাস হৈ গৈছিল যে ভুকুটো ঢকাটো চৰটো
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৭০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সাধু কথাৰ কুকি