পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ভদৰী


গোৰটো আৰু কাঠখৰি আৰু ঢেকিঠোৰাৰ মাৰটো, উঠা-বহা খোৱা-লোৱাৰ লগৰে বিৱাহিত জীৱনৰ এটা অপৰিহাৰ্য্য অঙ্গ। কিন্তু সকলো কথাৰে এটা যুক্তি সঙ্গত সীমা আছে; মাৰ-কিলো যে অসীম ঈশ্বৰৰ লগতে এটা অসীম পদাৰ্থ এনে নহয়। সহন-শিৰোমণি বসুমতীৰো কেতিয়াবা কেতিয়াবা শিল- মাটিৰ গা কঁপে। আমাৰ সৰু-সহনীয়া ভদৰীৰ তেজ-মঙহৰ শৰীৰেও থাকি থাকি অসহ্য় হলে কেতিয়াবা দুটা এটা জিকাৰ মৰাটো কি টান কথা? কেঁচা খৰিৰ জুই ফুৱাই ফুৱাই নাকৰ পানী আৰু চকুৰ পানীয়ে একে হোৱা ভদৰীয়ে দুৰ্ভাগ্যবশতঃ আজিও এটা অসঙ্গত আৰু অযুগুত জিকাৰ মাৰি দিলে!
 শিশুৰাম-অমুকৰ জীয়েক, এই বেলি তিনিপৰীয়ালৈকে ভাত হোৱা নাই কিয়?
 ভদৰী-মোৰ মূৰটোৰে ভাত ৰান্ধি দিমনেকি? খৰি এডাল বুলিবলৈ নাই। গেৰেহা কেঁচা খৰি ফুৱাওঁতে ফুৱাওঁতে হাৰাশাস্তি হৈছো। নুবুজা নেমেলাকৈ দুপ্দুপাই উঠিলেই হল নে কি?
 “বেটী কি বুলিলি?” এই বুলি জমদগ্নি শিশুৰামে, কাৱৈ মাছৰ তেজ পিবলৈ টোপালি পাৰি পৰি থকা মৈদা খনৰে, ভদৰীৰ পিঠিত ওপৰা ওপৰিকৈ দোকোব মাৰিলে। তৃতীয় কোব মৰাৰ আগেয়ে ভদৰীৰ চিয়ঁৰ শুনি লৰি আহি, শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰামে পিচ ফালপৰা “হে হে ককাই কি কৰা |” বুলি শিশুৰামক সাবটমাৰি থাপমাৰি হাতৰপৰা তেজেৰে ৰাঙলি মৈদাখন কাঢ়ি নিলে।ভদৰী তেজেৰে টুংৰলি হৈ মুচ্ কচ্ গৈ মাটিত পৰিল।