পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভদৰী

প্ৰথম অধ্য়ায়

 “ঐ অ! ভাত লৈ আহ!-শুনিছনে? বোলো ভাত লৈ আহ।” এই বুলি নাঙলটো চোতালতে থৈ শিশুৰামে লৰালৰিকৈ আঠুমূৰীয়া তিতা চুৰিয়াখন সলাই ঘৈণীয়েক ভদৰীয়ে ভাত-ৰন্ধা খোটালি পাই দেখিলে, ভাতে ফুটহে কাঢ়িছে। আঞ্জাৰ ফালেও ততোধিক মলিয়াইছে বা কলিয়াইছে হে বুলিব লাগে। অৰ্থাৎ ঢেকীয়া শাকমুঠি মেলাহিবাটিটোত বাছি থোৱা হৈছে, ধোৱা হোৱা নাই; কলাপাত এডোখৰৰ ওপৰত ওচৰতে মৈদাখন মৰা ম'ৰা চৰাইটো যেন কাতি হৈ পৰি আছে, আৰু ঠেতেলামূৰীয়া মাটি সনা কাৱৈ মাছ কেইটাই, ভাং খাই টঙনাটঙনি কৰি মূৰ ফলাফলি কৰা ছাইসনা ফকিৰৰ দৰে, পৰি ছট্ ফট্ কৰিব লাগিছে। সিফালে ভাতচৰুৰ তলত গেৰেহা খৰি লৰালৰিকৈ সুমাই দি, ভদৰীয়ে কমাৰ ভাতীৰ নিচিনাকৈ ফোচ্ ফোচ্ কৰি ফুৱাইছে হে ফুৱাইছে কিন্তু খৰিৰ জাৰেই মৰা নাই, সোঁ-সেঁ-সোঁ কৰি খৰিয়ে কেকনিগেথনিহে ধৰিছে। শিশুৰামৰ খং মূৰৰ চুলিৰ আগ পালেগৈ। কেইবাটাও কথাই আজি পুৱাৰপৰা শিশুৰ খংজুই জলাই থৈছিল; দুপৰীয়া হাল মেলি আহি ভাত নোপোৱা কথাটোৱে সেই জলা জুইকুৰাত ঘিঁউ ঢলি দিলে মাথোন। প্ৰথম কাৰণ; অগদিনা শিশুক লঘোনে থৈ আৰু তাৰ হাল খতি কৰি নিষ্টুৰ কৃষ্ণা একাদশী গুছি গ'ল। দ্বিতীয় কাৰণ; একাদশী কৰি গা-ৰহা গৰাকীৰ দৰে, গৰুহালেও হালত নেজাওঁ নথওঁকৈ পুৱাৰেপৰা শিশুক মহা আমনি কৰি আছিল। স্বৰূপতে পথাৰৰ এটাইখিনি কথা ভাঙি-ছিঙি কব