পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সাধু-কথাৰ কুকি


 এই কথা শুনি “বাৰু বোপাইহঁত কুশলে থাক” বুলি পণ্ডিতে দুই হাত ডাঙি নাৱৰীয়াহঁতক আশীৰ্ব্বাদ কৰি নাৱৰ পৰা বামলৈ উঠিবলৈ কাৰবাৰ কৰিছে, এনেতে কাষতে জাজী এসোপাৰ মাজত লাগি থকা এটা ধোৱাঁখোৱাত তেওঁৰ চকু পৰিল। খাগৰি এডা- লেৰে হাকুতিয়াই পণ্ডিতে হোকাটো আনিলে। দেখোন ৺ৰামেশ্বৰ ডাঙৰীয়াৰ সেই সাংঘাতিক ধোৱাঁখোৱাটো।