সেই মানুহজনৰ হোকাই সেই গীতত আমি বুজিব পৰা চুটি আৰু দীঘল
দুই ৰকমৰ গোৰ্গােৰীয়া সুৰ দিছে । এনে সময়তে টাপলি মৰা ছাতি
এটা লৈ, আমাৰ চিনাকি টিকনি জোকাৰি, আৰু এজন মানুহ কাষ চাপি
আহি মাত লগালে, “হ! এইটি আমাৰ ৰামেশ্বৰ বোপা ডাঙৰীয়া নে কি ?
কৰ পৰা ওলালাহি ?”
ৰামেশ্বৰ-তেৱেঁই। তুমি নাে কৰ পৰা ওলালাহি আগেয়ে
কোৱাচোন ?
আমুকা পণ্ডিত-মই এটা সকামত ৰংপুৰলৈ গৈছিলো। দক্ষিণ-
পটীয়া গোসাঁই ঈশ্বৰৰ কাইলৈ শ্ৰাদ্ধ পৰিছে,তালৈকে যাবলৈ বুলি আহিছো,
তুমিও সেই মুৱেইনে কি ?
ৰামেশ্বৰ- এৰা, ঘুৰিপকি আহি আমিও সেই মুৱেই । ভালে দিন
গুৰু ঘৰলৈ যোৱা নাই, এই সময়তে গৈ সেৱা এটা কৰি আহোঁগৈ বুলি
ওলাইছােঁ। ভালেই হল, দুয়ো একে লগে যাওঁহঁক। ধপাত এহোঁপা
নােখোৱানে ?
পণ্ডিত- কিয় নেখাম? দিয়া।
ৰামেশ্বৰ-এতিয়া আৰু তোমাৰ আগত মই তাহানিৰ নিচিনাকৈ
ধােৱাঁখােৱা নুলুকাওঁ। হিঃ- হিঃ - হিঃ!মনত আছেনে ?
পণ্ডিত - আছেতো; তুমি এতিয়া ডাঙৰৰ শাৰীলৈ “প্রমোচন’’
পালা। তেতিয়া তুমি “পোৱালি” আছিলা হিঃহিঃ হিঃ-- ।
ষষ্ঠ অধ্যায়
দীখৌমুখত ধাপৰ নােহোৱা নাও এখন লৈ ৰামেশ্বৰ ডাঙৰীয়া আৰু আমুকা পণ্ডিতে দক্ষিণপাটলৈ পাৰি দিলে। গোসাঁইৰ শৰাধ কিমান