পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ধোৱাঁখোৱা


দক্ষিণা আৰু কাপোৰকানি পাব, মনে মনে তাৰ লেখ কৰি আমুকা পণ্ডিত নাৱৰ চৰথতে বহি টলকা মাৰি যাব লাগিছে। ডাঙৰীয়া ৰামেশ্বৰেও কাষতে বহি মৌন হৈ, কি ভাবি কব নোৱাৰোঁ, হোঁকা হুপি যাব লাগিছে।
 গুৰিয়াল -- দেউতা, সৌৱা ৰিণিকি ৰিণিকি দক্ষিণপাট সত্ৰৰ গছ দেখা পোৱা গৈছে।
 “হয়নে কতা?” বুলি ৰামেশ্বৰ ডাঙৰীয়াই, বা ভূতপূৰ্ব্ব ৰামেশ্বৰ ডাঙৰীয়াৰ অৱশিষ্টই, খচ্ মচ্ কৰে উঠি সত্ৰৰ উদ্দেশ্যে সেৱা কৰিব খোজোতেই, কেনেবাকৈ হাতৰ পৰা সচিলিম ধোৱাঁখোৱাটো ব্ৰহ্ম- পুত্ৰত পৰিল! ডাঙৰীয়াইও মূহুৰ্ত্ত মাত্ৰও অপেক্ষা নকৰাকৈ চৰ- তীয়া বেচৰ ধোৱাঁখোৱাটো ধৰি আনিবৰ মনেৰে নিজৰ শৰীৰটোক, নাৱৰীয়াহঁতৰ আৰু পণ্ডিতৰ “হে কি কৰা? কি কৰা?”চিয়ৰলৈ আওকাণ কৰি, জপং কৰে ব্ৰহ্মপুত্ৰৰ মাজত পেলাই দিলে।
 হায়! হোকাটো ব্ৰহ্মপুত্ৰৰ টান সোঁতত ভালেমান দুৰলৈকে সেঁ-সোঁ কৰে উটি যোৱা দেখা গল। কিন্তু ডাঙৰীয়াক আৰু দেখা পোৱা নগল। পণ্ডিত আৰু নাৱৰীয়াহঁতে মুৰেকপালে হাত দি, “হায় হায়। কি হল।" কৰিবলৈ ধৰিলে।
 বিয়লি বেলিকা নাওখন আহি দক্ষিণ পাটৰ ঘাট চাপিলহি।নাও ঘাট চপা দেখি পণ্ডিতে লাহেকৈ মাত লগালে; “নাৱৰীয়া ককাইহঁত এটা কথা; আদখিনি বাটলৈকেতো ৰামেশ্বৰ ডাঙৰীয়া নাৱত আহিছিল; সেই দেখি সেই ডোখৰ বাটৰ বাবে আদখিনি কেৰেয়া তেওঁৰ গাত। মোৰ পৰা বাকী আদখিনিহে তহঁতে পাব লাগে।”
 নাৱৰীয়াহঁত-বাপু দেউ, আপুনি যাওক, আমাক একো দিব নেলাগে। আজি আমি এজন মানুহকে হেৰুৱালো, ধন লৈ আমি চহকী নহওঁ।