পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
সাধু-কথাৰ কুকি

অৱস্থাদি সম্পর্কে গােপনীয় ঘৰুৱা কথা জানিবৰ নিমিত্তে আকলুৱা হৈ সুং বিচাৰি ফুৰা অভ্যাসটো আমাৰো নাই বুলি ধৰম চিয়াই কব নোৱাৰোঁ । কিন্তু অহােপুৰুষাৰ্থ কৰিও এইবাৰ এই কথাৰ সুং বা পুং বিচাৰি উলিয়াব নোৱাৰিলো। এইবাবে সুং অম্বেষণকাৰী ভাতৃমণ্ডলীৰ ওচৰত আমাৰ গলবস্ত্ৰে ক্ষমা প্রার্থনা।
 এইবিলাক যেই কিবা নহওক, এইটো ধূৰুপ যে পাঁচ দফা সম্পত্তিৰ মালিক ৰামেশ্বৰ ডাঙৰীয়া টুটি গৈ দুবছৰৰ ভিতৰতে মোটে এদফাৰ মালিকত ৰলগৈ । সেই দফাও আগৰ দফাৰ পাইকহে, যথা - নাৰিকলৰ কোৰােকাৰ উকা হোকা একগোট । অর্থাৎ আগৰ পৈতৃক ৰূপ-খটোৱা ধােৱাঁখোৱাৰ প্রেতাত্মা বা ভূত চাৰি পয়চীয়া হােকা এটা। বিপদ নৈৰ ঢল অহাদি অহে। তেওঁৰ মাক ভনীয়েক আৰু ঘৈণীয়েককো বিপদৰ বানে এই সংসাৰৰ পৰা অলপ দিনৰ ভিতৰতে উটাই লৈ গুচি গল । সকলোৰে চকুৰ আগতে ৰামেশ্বৰ ডাঙৰীয়া এই পৃথিবীত অকলশৰীয়া হৈ পৰিল । বিপদৰ বন্ধু এক ধােৱাঁখোৱাত বাজে ইহ সংসাৰত তেওঁৰ সহায়-সাৰথি আৰু কোনো নৰল । তাকে হাতত লৈ, পর্ব্বত যেন মানুহ সেই ৺গঙ্গাৰাম ডাঙৰীয়াৰ পুতেক অকলশৰীয়া ৰামেশ্বৰ ডাঙৰীয়া, জোৰহাট নগৰৰ আলিবাটত টো টো ফুৰিবলৈ ধৰিলে।

———

পঞ্চম অধ্যায়

 জেঠৰ ৭ তাৰিখে দুপৰীয়া দীখৌমুখলৈ যোৱা বাটৰ গছ এজোপাৰ তলত এজন মানুহে হাতত ধােঁৱাখোৱা লৈ বহি জিৰাইছে । বৰ ৰ'দ কিন্তু গছৰ ছাঁত জুৰ। দুৰৰ গছনিত জিলীয়ে কেৰ-কেৰীয়া দীঘল সুৰীয়া, আমি বুজিব নােৱাৰা গীত গাইছে ; আৰু আলিৰ কাষৰ গছ জোপাৰ তলত