আহোঁতে তেওঁ ধন-সম্পত্তি একো লগত লৈ অহা নাই, এই পৃথিবী
এৰি যাওঁতেও সেইবিলাক একোকে তেওঁ লগত লৈ নেযায়। অৱশ্যে
পৈতৃক ৰূপৰ ধোৱাঁখোৱাটো হাটৰপৰা যাবৰ দিনা তেওঁৰ দুচকুৱে দুধাৰ
লো বৈ গৈছিল; কিন্তু লো দুধাৰ তেওঁ সকলোৰে আগতে তেতিয়াই মছি
পেলালে। তেতিয়াৰপৰা তেওঁৰ চকুত পানী দেখিছো বুলি কোনোবাই
শপত খাই কব পাৰে যদি কওকচোন? ৰুদাই গল ভদাই আহিল; ৰূপ
খটোৱা ধোৱাঁখোৱা গল, তাৰ পিছ দিনাই নাৰিকলৰ উক' ধোৱাঁখোৱা,
আহিল। ৰূপৰ ধোৱাঁখোৱাইদি যেনে বৰণৰ আৰু যি পৰিমানৰ ধোৱা
তেওঁ উলিয়াইছিল, আজিৰ এই চৰতীয়া বেছৰ ধোৱঁখোৱাতো তেওঁ তেনে
বৰণীয়া আৰু সিমান পৰিমাণে ধোৱাঁ উলিওৱাত কোনো ব্যাঘাত জন্মা
নাই। তেন্তে তেওঁৰ নিচিনা জ্ঞানীলোকৰ তাত বেজাৰৰ কাৰণ কি
আছে? অগেয়ে তেওঁ ঘৰ দুৱাৰ আদি নানা বিষয়ৰ ভাবনা জালত পৰি
আছিল, এতিয়া সেই জালৰ পৰা এৰাই আহি এক ধোৱাঁখোৱাৰ চিন্তাত
ৰ'লহি। শাপ নহল তেওঁৰ পক্ষে ই বৰ, আৰু “বান্ধ নহল পৰম প্ৰসাদ
হে হল”, অন্ততঃ তেওঁৰ এনে বিশ্বাস। বোজা পেলাই এতিয়া ৰামেশ্বৰ
ডাঙৰীয়াই গাটি ফুলৰা চাকি যেন লঘু পালে; আৰু ডাঙৰীয়াৰ লগে লগে
আমি দৰ্শকসকলৰ গা কেইটিও লঘু লাগি পৰিল।
বহুতে ভাবি মূৰ টপা কৰিছে, যে ৰামেশ্বৰ ডাঙৰীয়াৰ কিহত ইমান বিলাক ধাৰ লাগিল? তেওঁৰ দোষৰ ভিতৰত কেৱল ধপাত খোৱাটোৰ বাহিৰে দেখোন একো শুনিবলৈ পোৱা নেষায়। ধোৱাঁখোৱাই দিনে ৰাতিয়ে মৰিমুজি তোৰ্ তোৰাইও যে এই অলপ কালৰ ভিতৰতে মাতি আনি, ইমান বিলাক ধাৰৰ বৰষুণ বৰষাবৰ সমৰ্থ হব, এনে সম্ভব নহয়। সত্যৰ খাতিৰত সৈ কঢ়া উচিত যে ওপৰত কোৱা “বহুতৰ” ভিতৰত আমাৰ ও আসন আছে এই নিৰ্দ্দোষী “বহুত” বেচেৰাহঁতৰ নিচিনাকৈ, লোকৰ আপোন আপোন