পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ধোৱাঁখোৱা


চৰাঘৰ, গোসাই-ঘৰ আৰু গোহালি-ঘৰ বিশিষ্ট, জোৰহাট নগৰস্থ পৈতৃক সম্পত্তি।

 (৪) ১৮৪২৮৯ টকা কেঁয়া মুদি আৰু দুই চাৰিজন সুতখোৱা লোকৰ ঘৰত পৈতৃক ধাৰ।

 (৫) ৰূপৰ পৈতৃক ধোৱাঁখোৱা।

অচিৰতে উল্লিখিত সম্পত্তিৰ স্বত্বাধিকাৰী নতুন ডাঙৰীয়া ৰামেশ্বৰৰ গমন গজেন্দ্ৰৰ নিচিনা! বচন ভগা-ঢোলৰ নিচিনা, আৰু গলধন মতা মহৰ নিচিনা হৈ পৰা দেখি আমি আচৰিত নেমানিলো। ৰামেশ্বৰ পূৰা ডাঙৰীয়াৰ গাদিত উঠিবৰ দিনাৰপৰা ৰূপৰ ধোঁৱাখোৱাৰ ধোৱাঁই, তেওঁৰ জীৱনৰ একমাত্ৰ ওখ আশা পৰিপূৰ্ণ কৰি, বৰখুটা-বৰচতিৰে পৈতৃক চৰাঘৰটো, সকলোৱে দেখা শুনাকৈ ধুৱলী-কুৱঁলি কৰি থবলৈ ধৰিলে।

চতুৰ্থ অধ্যায়

 টকাই টকা আনে বুলি বুঢ়ালোকে কয়। বিয়োগ চিনৰ “-” কানমাৰি কান্ধত লৈ ১৮৪২৮৯ টকাই নিজৰ লগলৈ অতি অলপ দিনৰ ভিতৰতে ২৩১৩|০ টকা ভাৰ বান্ধি আনিলে ধাৰ দিওঁতা কেয়াঁ- মহাজন দোকানী পোহাৰীৰ ভিতৰত ৰামেশ্বৰ ডাঙৰীয়াক ভেট ভেট লাগি পৰিল। দলনিত নমা মহৰ ঠেঙত জোক ওলমাদি ৰামেশ্বৰ ডাঙৰীয়াৰ গাত জোকাজোকে মামলা-মোকৰ্দ্দমা ডিক্ৰি ডিক্ৰিজাৰি ওলমি পৰিল। যি আছিল সকলোবোৰ, ফুটা পাচীৰপৰা জুৰ জুৰ-কৰে বালি সৰি পৰাদি সৰি পৰি নাইকিয়া হল। ৰামেশ্বৰ ডাঙৰীয়াৰ কিন্তু তাত বেজাৰ নাই। হৰিয়ে দিছিল, হৰিয়েই আকৌ হৰি নিলে। উপজি