পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সাধু-কথাৰ কুকি


মাক-বাপেকৰ আৰ্হি লোৱাটো লৰাৰ স্বভাৱ। থিতাতে ৰং-লগোৱা ৰাগীয়াল বস্তু, ধপতুৱা বাপেকৰ আৰ্হি আৰু ৰাতীয়া লগুৱাৰ কুসংসৰ্গ, এই এটাই কেইটাই লগলাগি ৰামেশ্বৰক ধপাত-গোসানীৰ আগত বলি দিলে। নেচাবি বোলা বস্তুটো বেছি দেখনিয়াৰ, আৰু নেখাবি বোলা বস্তুটো বৰ সোৱাদ যেন লাগে। আমাৰ ৰামেশ্বৰৰ মনতো খাবলৈ-হাক ধপাত, চেনিতকৈ সোৱাদ আৰু ধন-সোণতকৈ মূল্যবান হৈ উঠিল। দেখোঁতে দেখোঁতেই শ্ৰীল শ্ৰীযুক্ত গঙ্গাৰাম ডাঙৰীয়াৰ জল-পিণ্ডৰ আশা আমুকা পণ্ডিতৰ ভৰসা, ডাঙৰীয়ানীৰ আলসুৱা পুতেক শ্ৰীমান ৰামেশ্বৰ ডেকাডাঙৰীয়াৰ বৰ ধপতুৱা নাম জোৰহাট চহৰৰ, পূবে কুমাৰগাঁও পশ্চিমে দামুৰিচোৰগাওঁ, উত্তৰে ডোমগাওঁ, দক্ষিণে হাজাৰীগাওঁ আৰ বন্দীগাওঁ -এই চাৰি সীমা বিয়পি পৰিল।

তৃতীয় অধ্যায়

 কালক্ৰমত শ্ৰীযুত গঙ্গাৰাম ডাঙৰীয়াই নিজ নামৰ আগৰপৰা “শ্ৰী”ক আসনচ্যুত কৰি সেই ঠাইত ৺ এই চিনটি বহুৱাই, আৰু নিজ বংশধৰ ৰামেশ্বৰক নিজ উত্তৰাধিকাৰীৰ আৰু প্ৰতিনিধিৰ আসন এৰি দি, বিধৰ বায়ু-বাৰি-বহ্নি-বসুন্ধৰাৰে মিলি গল। ভূতপূৰ্ব্ব ৰামেশ্বৰ বোপা, ওৰফে ৰামেশ্বৰ ডেকা ডাঙৰীয়া, বৰ্ত্তমান শ্ৰীযুত ৰামেশ্বৰ সম্পূৰ্ণ ডাঙৰীয়া, গতিকে এই পাঁচ দফা বস্তুৰ মালিক হল :-

 (১) মাক আৰু ভনীয়েক।

 (২) ঘৈণীয়েক।

 (৩) ১০ জোপা বাঁহ, ১৭৫ জোপা তামোল, ২০ জোপা আম, ১৬ জোপা কঠাল, আৰু সৰু সুৰা আন আন গছেৰে সৈতে বৰঘৰ, মাৰল-ঘৰ