ধোৱাঁখোৱা
প্ৰথম অধ্যায়
গঙ্গাৰাম ডাঙৰীয়া কছাৰীৰ পৰা আহি হাত-মুখ ধুই আগছোতালতে হাত-ভগা মাচিয়া ডোখৰত দুইমোন-দুই-সেৰীয়া খুলন্তৰ গাটো থৈ গধূলি বেলিকা জুৰ লৈছে। ডাঙৰীয়াৰ হাত ৰূপৰ ধোৱাঁখোৱাই, ভৰি হাতী- দাঁতৰ লা-দিয়া কঠাল কাঠৰ খৰমে, ডিঙি তুলসীৰ জগন্নথীয়া মলাই পোহৰাব লাগিছে। এনেতে, লৰ্ ফৰ্ কৰে টিকনি জোকাৰি তামোলৰ ৰ'ঙেৰে দেইপৰা, খুনুপাকৰ মুখ যেন ওঠ দুটা মিচিকীয়া হাঁহিৰ চোচনি দোলেৰে দুফালে টানি, ধূলীয়া, ফাপৰে-খোৱা, পেটু-ওলোৱা তালতলি চটি জোতাৰে কটপ্, কটপ্, কৰে গোৰোৱাত মাৰি, আমুকা পণ্ডিত ওলালহি *। গঙ্গাৰাম – আহ পণ্ডিত আহ বহ, আজি তিনি চাৰি দিন তোৰে সৈতে দেখা সাক্ষাৎ নাই! কলৈ গৈছিলি?
পণ্ডিত - কলৈকো যোৱা নাছিলো দেউতা, কঁকালৰ বিষত এই তিন দিন ঘৰতেহে পৰি আছিলো।
গঙ্গাৰাম – তহঁত দেকা মানুহৰনো আকৌ কঁকালৰ বিষ কিহৰ? আমাৰ নিচিনা বয়সত তহঁতে শোৱাপাটীৰ পৰা উঠিবই নোৱাৰিবি
কি জানি। হেৰ বাতীয়া, অমুকা পণ্ডিতলৈ ধপাত এচিলিম লৈ আহ।
এই পণ্ডিতৰ কোনেও নাম নেকাঢ়ে সকলোৱে এওঁক আমুকা পণ্ডিত বুলি মাতে। এওঁ ইমান কিৰ্পিন যে এওঁৰ নাম কাঢ়িলে হেনো নাম কাঢ়োতা জনৰ সেই দিন ভাতচৰুলৈ জাল নেযায়। আমিও এই ভয়তে নাম নেকাঢ়ি আমুকা বুলি গা সাৰিলো।