পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সাধু-কথাৰ কুকি


 পণ্ডিত—সৰুতে দেউতা অমৃতা গছৰ পৰা পৰি মোৰ এই কঁকালৰ বিষটো হল; থাকি থাকি মাজে মাজে উক দি উঠে। আৰু এটা কথা, দেউতা বেলোতে ভাগ্যবান পুৰুষ; আমিনো এনে শৰীৰ পামনে?

 গঙ্গাৰাম— (মিচিকিয়াই) হেৰ ৰাতীয়া, তোৰ দেখোন ধপাত এচিলিমেই আজি অনা নহয়। বেগাই লৈ আহ। হেৰ ৰামেশ্বৰ। অ ৰামেশ্বৰ!–হেৰ ৰাতীয়া ৰামেশ্বৰ গল কলৈ?

 ৰাতীয়া-দেউতা ৰামেশ্বৰ বোপা নাই , কৰবাত ফুৰিবলৈ গৈছে।

 গঙ্গাৰাম—তয়ে ভিতৰত ক গৈ, গোহালি ঘৰৰ কাষৰ কঠাল জোপাৰ কঠালটো যে মই পৰাই শাল মৰাই থৈছিলো পকিব পায়; পণ্ডিতক সেইটো তেনেই খাবলৈ দিয়ক। ই নো ৰামেশ্বৰ গধূলি ফুৰিবলৈ যায় কলৈ? গোসাঁই ঘৰত চাকি-চুকা এটা দিবলৈ পাবলৈ নাই। ই সদায় সন্ধ্য়া বেলিকা কাৰ ঘৰলৈ গৈ কি কৰে, কিবা কব পাৰ নে পণ্ডিত?

 এনেতে পাঁচ বছৰীয়া মাহিন্দ্ৰী ভিতৰৰ পৰা দলিটো অহাদি লৰি কলে “দেউতা, ককাইদেৱে দিনৌ ফয়থলা নবিথৰ ঘৰত ধপাত খায়গৈ।” কথাষাৰ ডাঙৰীয়াৰ কাণত, তুলাত ফিৰিঙতি পৰাদি পৰিল।

 গঙ্গাৰাম-সঁচা নে ই কুলাধমে ধপাত খাবলৈ শিকিলে?

 মাহিন্দ্ৰী –সঁঠা সঁঠা দেউতা, ককাইদেৱে খুব ধপাত খায়। তুমি কাছাৰীলৈ গলে, তোমাৰ হোকাত ককাইদেউ আৰু ৰাতীয়া’ দুয়ো ধপাত খায়। মই নিতৌ তোমাক কৈ দিম বুলি হুমিয়াই থাকোঁ; তোমাক নকবলৈ নিতৌ তেওঁ মোক পয়থা দিম বুলি টুটুৱাই থাকে, নিদিয়ে; সেই দেখি কৈ দিলো।

পণ্ডিত --হয় দেউতা ৰামেশ্বৰ বোপাই খুব ধপাত খাবলৈ শিকিলে; তেওঁৰ ধপাতৰ চাটি দেখিলে ভয় লাগে।

 গঙ্গাৰাম -মোক ইমান দিনে তহঁতে কোৱা নাছিলি কিয়? তহঁত