পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সাধু-কথাৰ কুকি


 ডাক্তৰৰ সাধুত মই ইমান মগ্ন হৈ আছিলাে, কেতিয়া যে গাড়ী আহি আচাঞ্চোল পালেহি গমকে নেপালো। টিকেটকলেক্টৰে “Ticket please” বুলিলতহে খচ্মচ্ কৈ টিকেটটো উলিয়াই দেখুৱাই, পুৱাৰ গাড়ীত যাম ভাবি আচাঞ্চোলতে নামি পৰিলো। মই নামি যোৱা দেখি অতিকায়- সকলৰ বৰপেটৰ পৰা অহ্লাদসূচক এইকেইটা “আৱাজ” উঠিল “Thank you Shaheb, much obliged, you are very good".