পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
সাধু-কথাৰ কুকি


 নৰেন বাবু-“ৰাজুবালাটা কে মশায়?”

 ডাক্তৰ—“আমাদেৰই এক প্ৰতিবাসীৰ মেয়ে।”

 নৰেনে বাবু - “তাৰ বয়স কত?”

 ডাক্তৰ-“তখন দশ বৎসৰ।”

 সভাপতি—“একটা দশ বছৰেৰ মেয়েৰ এত বিদ্যে?”

 ডাক্তৰ—“মশায়, সে যে বঙ্কিম বাবুৰ নভেল-পঢ়া আজ কালকাৰ বাঙ্গালী মেয়ে”

 নৰেন-দেখুন না, আমাদেৰ সাহেব, নেপোলিয়ানা ঘুম্ ঘুমাছে!”

 মই বেচেৰা চাহাব ডোখৰে চকু মুদি টলকা মাৰি ডাক্তৰৰ সাধু শুনিব লাগিছো। নৰেন বাবু নে কি, সেই চেলেপু জনে তাকে দেখি এইষাৰ কথা কথিলে।

 সভাপতি - “সে সব যাক, গল্পটা শেষ কৰুণ!”

 ডাক্তৰে আকৌ আৰম্ভ কৰিলে—“সেই দিনা ৰাতি তিনি বজাত মোৰ এবাৰ চাতকৰে টোপনি ভাগিল। শুনিলো, বাহিৰৰ দুৱাৰ মুখৰ পৰা ‘ডাক্তৰ বাবু! ডাক্তৰ বাবু! বুলি কোনোবা মানুহ এটাই মোক ৰিঙিয়াই মাতিছে।মাজে সময়ে ৰোগী চাবলৈ এই দৰে ৰাতি অহি মানুহে মোক মতে। মই ঘপ্কৰে উঠিলো। উঠিলো হয়, কিন্তু মোৰ খুব খং উঠিছে, যে দুৱৰিটোৱে কিয় উত্তৰ দি মানুহটোক বহিবলৈ ঘৰৰ দুৱাৰ মেলি দিয়া নাই। উঠি তেতিয়াও অকৌ দুবাৰ শুনিলো ‘ডাক্তৰ বাবু! ডাক্তৰ বাবু!‘চবুৰ কৰ যাতা হায়’ বুলি লৰালৰিকৈ আহি চৰা-ঘৰৰ দুৱাৰ মেলি দিলো। বাহিৰত ফৰিং-ফুটা জোনাক। দেখিলো ৰামলোচন চোতালত থিয় হৈ আছে!!! মই ‘আইঔ’! বুলি চিয়ৰ মাৰি দিলো। চিয়ৰ শুনি দুৱাৰৰ কাষতে শুই থকা দুৱৰিটোৱে “ক্যা হুৱা হজুৰ” বুলি শেৱা পাটিৰপৰা উঠি উধাতু খাই ওলাই আহিল। কিন্তু ৰামলোচন চকুৰ অগতে নাইকিয়া হল।”