থাকোঁতেই চেগ চাই জয়ন্তীয়ে বিজুলীৰ বেগেৰে, সিহঁত দুইকো ঠেলা
মাৰি সেই এডিঙীয়া দ গাঁতত পেলাই দি সেই তৰোৱালেৰেই
মুহূৰ্ত্তৰ ভিতৰতে তিনিউৰো মূৰ তিনিটা কাটি পেলাই,ৰমানাথৰ হাতৰ
বান্ধ সেলোকাই দি বলিয়াৰ দৰে নাচিবলৈ ধৰিলে। নিমিষৰ
ভিতৰতে এনে আচৰিত পট পৰিবৰ্ত্তন ৰমানাথৰ সমাজিক যেন
লাগিল। কত সেই ভীমকায় দুবৃৰ্ত্ত দস্যুৰ হাতত প্ৰতি নিমিষতে
তেওঁ জীৱনৰ আশাত জলাঞ্জলি দিব লগীয়াত পৰিছিল, আৰু ক'ত
খন্তেকতে সিহঁতৰ মৰা শ কেইটা স্বকৃত দুস্কাৰ্য্য়ৰ পৰাচিত সৰূপে
নিজে-খনা গাঁতৰ ভিতৰত মূৰ নাইকিয়া হৈ পৰিল। ক'ত সেই ভয়ত
সোত্ মোত্ খোৱা জয়ন্তীয়ে চকুৰ লোৰে ৰিহাৰ আচল তিয়াইছিল
আৰু ক'ত নিমিষতে এই ৰণোন্মত্তা চামুণ্ডাৰূপিনী তিৰোতাই তৰোৱাল
হাতত লৈ উন্মাদ নৃত্য কৰিব লাগিছে। ক’ত কাঞ্চন গছত ৰমানাথ
বধ্য বন্দী ৰূপে বান্ধ খাই অছিল, আৰু ক’ত পলকৰ ভিতৰতে তেওঁ
বান্ধৰ পৰা মুকলি হৈ স্বাধীনতা লভিছে। নিমিষতে দৃশ্য়ৰ কি
অদ্ভূত সলনি! সঁচাকৈয়ে এই নৃত্যকাৰিণী উন্মাদিনী ৰমণীয়েই সেই
শান্তা লজ্জাশীলা আৰু ভীতা জয়ন্তী নে? এইবিলাক স্বপ্ননে মায়া
নে দিঠক? ৰমানাথে একো ঠিক কৰিব নোৱাৰি ধুৱঁলি-কুৱঁলী
দেখি চকু মুদি বহি পৰিল। অলপ বেলিৰ আকৌ চকু মেলি
তেওঁ দেখিলে যে ই সপোন নহয়। সঁচাকৈয়ে দুৰাত্মাহঁতৰ কৱন্ধ
দেহ দ গাঁতৰ তলিত পৰি আছে, আৰু সঁচাসঁচিকৈয়ে তেওঁৰ হাতত
বান্ধ নাই, তেওঁ স্বাধীন আৰু মুক্ত। আৰু সচাঁকৈয়ে তেওঁৰ প্ৰিয়তমা
জয়ন্তী চুলি মেলা চামুণ্ডাৰ নিচিনাকৈ তেজেৰে ৰাঙলী হৈ হাতত দা
লৈ নাচিব লাগিছে! হায়! জয়ন্তী সচাকৈয়ে উন্মাদ হলনে কি? ৰষনাথে
স্পষ্টেখিকৈ দেল যে তেওঁৰ প্ৰাণপ্ৰিয়া জয়ন্তী বাহ্যজ্ঞানশূন্য উন্মত্তা।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সাধু কথাৰ কুকি