পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
জয়ন্তী


 ইয়াৰ পিছত মানুহ-দুনুহৰ সাহায্যত জয়ন্তীক লৈ সেই ৰাতিয়েই ৰমানাথ বৰুৱাই ৰংপুৰ এৰি গুৱাহাটীলৈ যাত্ৰা কৰিলে। গুৱাহাটী পাই নিজৰ ভায়েক আৰু বন্ধুসকলৰ সাহায্যত তেওঁ অনেক প্ৰকাৰ চিকিৎসাদি কৰালে, কিন্তু জয়ন্তী আৰু আৰোগ্য নহল।

 বিষম উন্মাদ ৰুগীয়া জয়ন্তীৰ মুখত তেওঁৰ জীৱনৰ শেহ পৰ্য্যন্ত, “মোৰ স্বামীৰ হাতত বান্ধ মোকালালো"--এষাৰ কথাৰ বাহিৰে আৰু একো কথা শুনা নগৈছিল। শেহত সকলো দুখ আৰু সকলো শোক হৰোঁতা মৃত্যুৱে আপোনাৰ কোমল কোলাত আশ্ৰয় দান কৰি, এই সতীক এই সংসাৰৰ দুখ যন্ত্ৰণাৰ হাতৰ পৰা উদ্ধাৰ কৰিলে।