পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
জয়ন্তী


দেখুৱাই দিওগৈ।” জয়ন্তীৰ অলৌকিক ৰূপলাৱণ্যই ইতিপুৰ্ব্বেই ডকাইত হঁতক আংশিকৰূপে জয় কৰি ৰাখিছিল; এতিয়া তেওঁৰ এই সুমধুৰ বচনে আৰু বিপুল অৰ্থপ্ৰাপ্তিৰ লোভে সিহঁতক সম্পূৰ্ণৰূপে পৰাজয় কৰিলে। সিহঁতে উলাহেৰে আকৌ উভতি আহি ৰমানাথৰ ঘৰৰ ওচৰ চাপিল। জয়ন্তীয়ে ঘৰৰ আগচোতালৰ কাষতে থকা এজোপা কাঞ্চন ফুলৰ গছ দেখুৱাই কলে, “এই খিনিতে চাৰি হাত মাটিৰ তলত আমি আমাৰ ৰূপ-বানৰ পেৰাবিলাক পুতি থৈছোঁ।” এই কথা কাণত পৰা মাত্ৰকতে মানহঁত কাঞ্চন গছত ৰমানাথক ভালকৈ বান্ধি ৰং মনেৰে কোৰ লৈ সেই দেখুৱাই দিয়া ঠাই ডোখৰ খানিবলৈ লাগিল। এই খিনিতে কোৱা যাওক যে ডকাইতহঁতে জয়ন্তীক অৱলা তিৰোতা মানুহ কলৈ পলাব বুলি সৰহ পৰ বান্ধি ৰাখিবৰ আৱশ্যক যেন নেভাবি মুকলিকৈ থৈছিল। সিহঁতে আৰু ভাবিছিল, যদি তেওঁ পলাব খোজেও ততালিকে এজনী তিৰোতা মানুহক ধৰি পেলাবলৈ সৰহ কথা নেলাগে।

 প্ৰায় আদঘণ্টামান বেলি তিনিউটা মানে ওপৰা ওপৰিকৈ চাৰি হাত মান দকৈ গাঁত খানিলে; কিন্তু ৰূপ-বানৰ কিম্বা আন বয়-বস্তুৰ একো চিন পোৱা নগল। প্ৰথম ডকাইতে জয়ন্তীৰ মুখলৈ চাই কলে, “চা চোন, ঐ মানুহজনী! তই আমাৰ সৈতে ঠাট্টা কৰিছ নেকি? এইয়া এডিঙীয়াকৈ গাঁত খানিলো, তোৰ ধনৰ পেৰা ক’তা?” জয়ন্তীয়ে গহীনকৈ উত্তৰ কৰিলে, “আৰু অলপমান খান নিশ্চয় ওলাব। আৰু নোলায় যদি আমিতো ডিঙি পাতিয়েই আঁছে, তাৰ নিমিত্তে চিন্তা কি? গাতঁৰ ভিতৰৰ মানটোৱে অশ্বস্ত হৈ আকৌ উৎসাহেৰে সৈতে খানিবলৈ লাগিল। গাঁতৰ পাৰত থকা দুটাই নিজ নিজ তৰোলৱাল কাষত থৈ কথা পাতি