পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাধুকথাৰ কুকি


ৰূপহী তিৰোতাজনী মোৰ, মই কাকো নিদিওঁ! তহঁতে ৰূপ-বান বয়-বস্তু যি মন যায় লহঁক, কিন্তু মোৰ ভাগত এই। কথাষাৰ শুনা মাত্ৰকেই তৃতীয়টোৱে গৰ্জ্জি উঠি কলে ‘কাৰ? তোৰ? কেতিয়াও হব নোৱাৰে। বাৰু । মই দেখিম, কোনে মোৰ হাতৰ পৰা এইক নিয়ে? এই মোৰ।” দুইৰে ভিতৰত এই দৰে পৌৰাণিক সুন্দ-উপসুন্দীয়া দন্দ লাগিবৰ দেখি প্ৰথমটোৱে “এই কথাৰ মীমাংসা পিছত কৰা যাব” বুলি দুইকো বুজাই সান্ত্বনা কৰিলে। ইয়াৰ পিছত সস্ত্ৰীক ৰমানাথ বৰুৱাক, লুটি-পুটি পোৱা বস্তুৰে সৈতে বান্ধি মানহঁতে লৈ যাবলৈ ধৰিলে। জয়ন্তীয়েও বিপদহাৰী মধুসূদনক কাতৰ কণ্ঠে মাতি স্বামীৰে সৈতে চকুৰ লো টুকি যাবলৈ ধৰিলে।

চতুৰ্থ অধ্যায়

 বাটত যাওঁতে আত্মসংযমত অভ্যস্তা জয়ন্তীয়ে মনে মনে হঠাৎ এটা উপায় স্থিৰ কৰি খং আৰু বেজাৰৰ ভাও পৰিত্যাগ কৰি মানহঁতৰ ফালে চাই মৃদু মধুৰ মাতেৰে কলে “দেখ, ভায়া! তহঁতে যেতিয়া আমাক ধৰি লৈ গৈছ, আৰু ধন-বস্তু ৰাখিবৰ মিছা চেষ্টা কৰি কি ফল? আমিয়েই যেতিয়া গাওঁ-ভূই দেশ এৰি যাব লগীয়াত পৰিলো আৰু আমাৰ ৰূপ-বান ধন-সম্পত্তি কেনে খাব? মোৰ কপালত গোসাঁয়ে যি লিখিছে সেয়েই হব, কিন্তু যদি তইতে মোৰ স্বামীক নাকাটি এৰি দিবলৈ মান্তি হৱ তেন্তে আমাক ওভতাই আমাৰ ঘৰলৈ লৈ বল; ক'ত আমাৰ পেৰাই পেৰাই সোণৰূপ অলঙ্কাৰ পাতি পুতি লুকাই থৈছোহঁক, তহঁতক