পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
জয়ন্তী


কৈ মাতিছো মোৰ স্বামীক আৰু নেমাৰিবাহঁক। মোৰ ডিঙিত এইধাৰ মণি হাতত আৰু এইবোৰ খাৰু আছে, ইয়াকে মই সোলোকাই দিছো, তোমালোকে তেওঁক এৰি দিয়া। এই বুলি ডিঙিৰ মণিধাৰ আৰু হাতৰ খাৰুজোৰ সোলোকাই জয়ন্তীয়ে মানহঁতক দি কাকূতি কৰিবলৈ ধৰিলে। জয়ন্তীৰ কথা শুনি মান তিনটাই একে বেলিয়েই খল্ খল্ কৰে হাঁহি কলে, তহঁতে আমাক কেঁচুৱা লৰা বুলি ভাবিছ নেকি যে এইবিলাক মিছা কথা আমি বিশ্বাস কৰিম? কত কি লুকাই থৈছ বেগতে ক, নাইবা পোনতে এই চমতাৰে কোবাই তহঁতৰ পিঠিৰ ছাল ছিঙিম, তাৰ পিছত জুই লগাই দুইকো এই ঘৰৰ ভিতৰতে পুৰি ছাই কৰি গুচি যাম।”

 দুখুনী জয়ন্তীৰ কাকুতি মিনতিলৈ আওকাণ কৰি পামৰহঁতে ৰমানাথ বৰুৱাক কোবাই কিলাই যেনে যন্ত্ৰণা দিব ধৰিলে তাক বৰ্ণনা কৰিবলৈ এই কাপ অক্ষম। শেহত মানহঁতে যেতিয়া দেখিলে যে ইমান মৰিয়াই কিলাই জীয়াতু দিও ধন-বস্তু একোকে তেওঁলোকৰ পৰা পোৱা নগল, তেতিয়া প্ৰথম মানটোৱে লগৰীয়া দুটাৰ মুখলৈ চাই কলে, “আহ, ইহঁত দুইটাকেই লৈ যাওঁহঁক, মটাটো বেছ শকত আৱত আছে, আমাৰ বয়-বস্তুবিলাক ইয়াৰ পিঠিত তুলি দি লৈ যাওঁহঁক, তাৰ পিছত লাঠুৱাক কাটি পেলাম। আৰু এই তিৰোতা মানুহজনী দেখিবলৈ শুৱনী আছে, আমাৰ মলুকলৈ এইক লৈ গৈ আমাৰ ৰজাক ভেটী দিমহঁক; এনে ৰূপহী তিৰোতা ৰজাই পালে আমাৰ ওপৰত খুব সন্তুষ্ট হব!” দ্বিতীয়টোৱে প্ৰথমটোৰ কথাত অমত প্ৰকাশ কৰি কলে, “দেখ, ককাই তোৰ আজি কালি এটা ৰোগ হৈছে; যিহকে হওক এটা ভাল বস্তু পালেই আগেইয়ে তই কৈ পেলা যে এইটো আমাৰ দেশলৈ লৈ গৈ ৰজাক দিম। কিয়, ৰজাক দিম কিয়? মই কওঁ এই