পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাধু-কথাৰ কুকি


 দেশৰ এনে হুলস্থল অৱস্থা দেখি ইয়াৰ দিন চেৰেকৰ আগেয়েই ৰমানাথ বৰুৱাই তেওঁৰ ৰূপ-বান অলঙ্কাৰ-পাতি আৰু মূল্যবান বয়-বস্তু বিলাক গুৱাহাটীলৈ তেওঁৰ ভায়েকৰ ঘৰলৈ পঠিয়াই দিছিল। গতিকে মান ডকাইতহঁতে বিশেষ মূল্যবান একো লুটিবলৈ নেপালে। আশাত নিৰাশ হৈ মানহঁতৰ খং জুই জ্বলাদি জ্বলি উঠিল, দাঁতে কড়মড় কৰিবলৈ ধবিলে, চকুৰ পৰা জুইৰ আঙনি ওলাল। প্ৰথমটো মানে দ্বিতীয়টোলৈ চাই কলে, “ইহঁত বৰ টেঙৰ মানুহ; ৰূপবান অলঙ্কাৰপাতি সোপাকে আগৰ পৰাই কৰবাত লুকাই থৈছে। দ্বিতীয়টোৱে প্ৰথমটোৰ কথাৰ কোনো সৰ্মিধান নিদি ৰমানাথ বৰুৱাৰ পিঠিত চমটাৰে সাৰৌপ সাৰৌপকৈ তিনিকোব মাৰি গুজৰি সুধিলে, “ধন-বস্তুবিলাক কত লুকাই থৈছ এতি-, য়াই দেখুৱাই দে, নাইবা তহঁতক এই ঘৰৰ ভিতৰতে জুই দি পুৰি মাৰিম।” চমটাৰ কোবত ৰমানাথ বৰুৱাৰ পিঠিৰ পৰা ঝৰ্ ঝৰ্ কৈ তেজ পৰিবলৈ ধৰিলে, বপুৰিয়ে যন্ত্ৰণাত চেঙালুটী পাৰিবলৈ ধৰিলে। স্বামীৰ এনে অৱস্থা দেখি কান্দি কান্দি জয়ন্তীয়ে যোৰহাতকৈ কাতৰ কণ্ঠেৰে ডকাইতহঁতক কলে, “তোমালোকে এই দুখুনীৰ প্ৰতি দয়া কৰা, মোৰ দেউতাহঁত, মোৰ স্বামীক আৰু নেমাৰিবা। মই ঈশ্বৰক সাক্ষী কৰি কৈছো, আমাৰ হাতত এতিয়া একো নাই। সত্যে সত্যে তিনি সইত খাই কৈছো, ৰূপ-বান অলঙ্কাৰ পাতি বয়-বস্তু যি আছিল, আমি ইয়াৰ পৰা গুচি যাম বুলি দিন চেৰেক আগেয়েই আমাৰ গুৱাহাটীৰ মিতিৰ-কুটুমৰ ঘৰলৈ পঠিমাই দিলো। এতিয়া তোমালোকে আমাক দুয়োকো ছোৱা-ছোৱাকৈ কাটিলেও একো পাবৰ উপায় নাই। সেইদেখি মোৰ দেউতাহঁত আমাক মিছাতে মাৰি-কাটি আৰু যন্ত্ৰণা নিদি ঘৰত যি আছে তাকে লৈ তোমালোক যোৱাহঁক। তোমালোকৰ ভৰিত ধৰি কাবৌ