পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
জয়ন্তী


 ৰমানাথ বৰুৱাই কি কৰিব কলৈ যাব একোকে ভাবি থিৰ কৰিব পৰা নাই। তেওঁৰ বন্ধু বান্ধৱ লগুৱা লিক্চৌৰ ভালেখিনিয়ে প্ৰাণৰ ভয়ত দেশ এৰি পলাল, অথবা অসমৰ অগাধ অৰণ্যত হিংসুক বনৰীয়া জন্তুৰ প্ৰতিবেশিত্ব স্বীকাৰ কৰিলে। ৰমানাথে দেখিলে, যে প্ৰাণ, মান, ধন, জন লৈ আৰু জন্মভূমিত বাস কৰা অসম্ভৱ হৈ উঠিল। তেওঁ এই অৱস্থাত সোনকালে বঙ্গদেশৰ ফাললৈ সস্ত্ৰীক পলোৱাৰ বাহিৰে আন একো উপায় দেখিবলৈ নেপাই এক সপ্তাহৰ ভিতৰতে জন্মভূমি ওচৰত কৰযোৰ কৰি বিদায় মাগি ভটীয়াই যাবলৈ কৃতসঙ্কল্প হল।

 ইয়াৰ ভিতৰতে এদিন ঠিক দুপৰ বেলিকা ৰমানাথ বৰুৱাই আহাৰদি কৰি চালপিৰাৰ ওপৰত শুই বিশ্ৰাম কৰিছে, চকুত অলপ তন্দ্ৰা আহিছে মাথোন; আৰু জয়ন্তী দেবীয়ে গৃহকাৰ্য্য সমাপন কৰি ওচৰতে বহী বিচনী এখন লৈ স্বামীক বিচিব লাগিছে। এনে সময়তে তেওঁলোকে বাহিৰৰ দুৱাৰত ধুপ্, ধুপ্, কৈ কোব পৰা শুনিবলৈ পালে। কি হৈছে, কিহৰ শব্দ বুলি সুধি নাম কাঢ়ি মাতি মতিও কোনো লগুৱা লিগিৰীৰ উত্তৰ নেপাই জয়ন্তীয়ে নিজে উঠি গৈ দেখিলে যে তিনিটা অস্ত্ৰধাৰী মানে টোকোনেৰে কুবিয়াই ঘৰৰ দুৱাৰখন ভাঙি দোডোখৰ কৰিছে। এই কাণ্ড দেখিয়েই জয়ন্তীৰ মুখ কেহেঁৰাজ-বটা যেন বিবৰ্ণ হল, ভয়ত তেওঁ থৰ্, থৰ্, কৰে কঁপিবলৈ ধৰিলে। ঘৰৰ লগুৱা লিগিৰীহঁত ইয়াৰ আগেয়ে ঘৰ এৰি মূহুৰ্ত্তকতে কলৈ পলাই গল ঠিক নাই। চকুৰ পচাৰতে মানহঁতে ঘৰৰ ভিতৰ সোমাই জয়ন্তী আৰু ৰমানাথক জৰিৰে কটকটীয়াকৈ বান্ধি ঘৰ লুটিবলৈ ধৰিলে।