বৃটীছ-সূৰ্য্য়ৰ উদয়ত, দুৰ্ভগীয়া অসমৰ পৰা, তিনি বছৰ দহ মাহ
উনৈশ দিন ব্যাপী এই ঘোৰ এন্ধাৰ ৰাতিৰ ওৰ পৰে। এই সময়
অসমৰ অৱস্থা বৰ্ণনা কৰিবলৈ কাপ অক্ষম। শিক্ষা, কৃষি, বাণিজ্য,
শিল্প, সুখ, শান্তি পাপাত্মাবিলাকৰ দৌৰাত্ম্যত দেশৰ পৰা একেবাৰেই
অন্তৰ্হিত হৈছিল। ইহঁতৰ অত্যাচাৰত প্ৰায় তিনিভাগৰ এভাগ প্ৰজা
অসমৰ পৰা নাইকিয়া হৈছিল। স্বামীৰ পৰা তিৰোতাক, বাপেকৰ পৰা
পুতেকক, কোলাৰ কেচুৱাৰ পৰা মাকক, এই দুৰাচাৰহঁতে চিৰজন্মলৈ
আতৰ কৰিছিল। শই শই গাওঁ দেৱালয় আদি অগ্নিত আহুতি দিয়া
হৈছিল। হেজাৰ হেজাৰ সতী সাধ্বীয়ে দুৰাত্মাহঁতৰ ভীষণ কৱলত
সতীত্ব ৰত্ন বিসৰ্জ্জন দিব লগীয়াত পৰিছিল। প্ৰকৃতিৰ কাম্য-কানন অসম
মহাতপা বশিষ্ঠ গালৱ গোকৰ্ণকে আদি কৰি যোগী তপস্বী ঋষি মুনিসকল,
পবিত্ৰ আশ্ৰম অসম, নীলাচল, অশ্বক্ৰান্ত, মণিকণেৰ্শ্বৰ, উমানন্দ, শুক্ৰেশ্বৰ
হয়গ্ৰীৱমাধৱ, বিশ্বনাথ প্ৰভৃতি হিন্দু দেৱতাসকলৰ পীঠস্থান তীৰ্থস্থান
অসম শ্মশানত পৰিণত হৈছিল। ঠিক এই সময়ৰ এদিনৰ এটি ঘটনা
লৈ আজি আমি আমাৰ আখ্যান আৰম্ভ কৰিলো।
⸻
তৃতীয় অধ্যায়
দেশৰ এনে অৱস্থা। ধন প্ৰাণৰ এনেকুৱা অস্থিৰতা। ৰজা চন্দ্ৰকান্ত সিংহ মানৰ ভয়ত কাপুৰুষৰ দৰে ৰাজ সিংহাসন আৰু ৰাজধানী এৰি পলৰীয়া। গতিকে মানৰ সেনাপতি মিঙ্গিমাহা তিলুৱাই ৰাজ ছত্ৰ-দণ্ড বুটলি পোৱাদি পাই তুলি ললে। উদণ্ড মানৰ অত্যাচাৰ, লুটনি, হত্যা, কুন্ধচ ব্যৱহাৰ আৰু নৃশংসতাত দুৰ্ভগীয়া অসমৰ টলবলনি লাগি পৰিল।