আগেয়ে সভাপতিৰ কুশলৰ অৰ্থে সভ্যসকলে গাই পতি একোটি টিকিৰা
পুৰি গাত বল বান্ধি লওক।”
সকলোৱে এই প্ৰস্তাৱত আনন্দ প্ৰকাশ কৰাত সেই মতে কাৰ্য্য
হল, আৰু সভাৰ ঘৰ ধুৱঁলী-কুৱঁলী হৈ পৰিল।
সভাপতি-“সভ্য মহোদয় সকল! আজি মোৰ কুশলৰ অৰ্থে
একোটি টিকিৰা পুৰি নোক সন্নানিত কৰা বাবে আপোলাসকলৰ
শলাগ ললো।”
এনেতে চতুৰ্থ সভ্যজনে আকৌ তিনিবাৰ কাহে।
৫ম জন -“সৰ্পনাশ! সৰ্পনাশ। সভাপতি মহাশয় সৰ্পনাশ! আৰু
সভ্য মহোদৱসকল সৰ্পনাশ। অপোনাসকলৰ সন্মতি ক্ৰমে সেই সভ্য
জনক কাহি লবলৈ আদেশ কৰা হৈছিল, সেই আদেশ মতে তেওঁ
মহা সুখে এবাৰ কাহি ললে।গল কথা গুছিল।আকৌ এতিয়া
নকৈ তেওঁৰ সভাৰ মাজত কাহিলে কোন আইন মতে মই জানিব
খোজোঁ?সভাপতি ডাঙৰীয়া আৰু সমজোৱাসকল!মই এই দ্বিতীয়
বাৰৰ কাহৰ দোৰ্ঘোৰ পতিবাদ কৰে।”
৬ষ্ঠজন-“( কুহুৰ! কুহুৰ!) মই এই পতিবাদ সমৰ্থন কৰো।”
২য় জন-সমৰ্থন কৰোতাজনেও দেখেন কুহুৰ কুহুৰ কৰিহে
সমৰ্থন কৰিলে একা?”
৫ম জন-সৰ্পনাশ! সৰ্পনাশৰ ওপৰত সৰ্পনাশ। বে-আইনী।
ইয়াৰ বিচাৰ হব লাগে।”
৬ষ্ঠ জন—“কেতিয়া কহিলো হে? গোটেই মিছা কথাষাৰ দেখোন।
সভাপতিক তুমি টোটক লগালা? সভাপতিয়ে নো মোৰ কি..?
( কুহুৰ কুহুৰ)”
এনেতে সভাপতি উঠি কলে, “বাহিৰ কথা লৈ সময় নষ্ট কৰাটো
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৬
সাধু-কথাৰ কুকি