আমাৰ উচিত নহয়। যাৰ ইচ্ছা কাহক। কাঁহ হাচি কোনেও ধৰি ৰাখিব
নোৱাৰে। এতেকে আপোনাসকলে মিছা বাদানুবাদ কৰি সময় নষ্টনকৰিব
এই মোৰ নিবেদন। বিপদৰ কালত ঘৰুৱা ফুচুৰি কথা লৈ দ্বন্দ কৰিবৰ
সময় নহয়। এতিয়া আমাৰ কি কৰা কৰ্ত্তব্য তাৰ মীমাংসা কৰা বাওক।
মহাৰাণীৰে সৈতে যুজ কৰাটো বলিয়াৰ কথা। বালি-চাহীয়ে গজহস্তীৰে
সৈতে যুজিব নোৱাৰে। আৰু মহাৰাণী আমাৰ ৰজা, সাক্ষাৎ আইমাতৃ
তেওঁৰ বিষয়ে এনে কথা কব নেপায়। মোৰ এটা প্ৰস্তাৱ মনত খেলাইছে
জানো আপোনাসকলে কি বোলে, মই কওঁ, আই মহাৰাণীলৈ আমি সকলো
কানীয়াই চহি কৰি এখন ভালকৈ লেখি আৰ্জি পঠিয়াই দিওহঁক। সেই
আৰ্জিত আমি কান্দি-কাটি সকলো কথা ভাঙি-পাতি লেখিলে, নিশ্চয় আই
মহাৰাণীৰ কানীয়া ভকতসকললৈ বেথা লাগিব!”
৬ষ্ঠ জনসভাই সভাপতিৰ এই প্ৰস্তাৱ সমৰ্থন কৰিবলৈ উঠোতেই, তেওঁৰ আকৌ এনে কাহৰ জাউৰি উঠিল, যে তেওঁ একো কব নোৱাৰি বহি পৰিল। সি যি হওক, তৃতীয়জন সমজুৱাৰ উৎসাহত একে বেলিয়েই কাহৰ ৰোল তুলি সকলো সমজুৱাই আনন্দ প্ৰকাশ কৰি সভাপতিৰ প্ৰস্তাৱ গজগজীয়াকৈ মঞ্জুৰ কৰিলে। কেবল পঞ্চমজন সভ্যই এই প্ৰস্তাৱ মঞ্জুৰীৰ কাহত খংকৈ যোগ দিয়া নাছিল।
৭ম জন-“মই কিবা বোলেনে পস্তাপ কৰোঁ যেন আমাৰ সভাপতিয়ে এনে হুন্দৰ পস্তাত কৰা বাবে কিবা বোলেনে তেওঁক আমি আমাৰ উমৈহতৰ পৰা এচিলিম ভাং, তিনটা টিকিৰা, এবাটি চাহ আৰু এচমকা গুড় দিবৰ পস্তাপ কৰা যাওক।”
সকলোৱে হাত-চাপৰিৰে দাং-দোলা কৰি এই প্ৰস্তাবটি খাটোলাত তুলিলে!
৭ম জন - “নিশ্চয় কিবা বোলেনে আই মহাৰাণীয়ে কানি কায়। কানিৰ