সভাপতি—“তেন্তে নো আমাৰ এতিয়া কি কৰা কৰ্তব্য?”
এজন সভ্য - “আমি ধেৱাই কৰিম, কানি-খোৱা উঠাই দিবলৈ
নিদিওঁ। মহাৰাণীয়ে আগেয়ে আমি কানীয়া কৈইটাৰে সৈতে ৰণ দিয়ক,
তাৰ পিছত হৰা-জিকা কথাৰ মীমাংসা হব। বুৰে প্ৰতি শেলুক নহয়!
এবাৰ আমাৰ দেশৰ পৰা আফু-খেতি উঠাই দি মহাৰাণীয়ে ছল পাইছে,
এইবাৰ আমি নেৰো।”
২য় জন-“বোপা ঐ। আমি কেইটানু কাইনা আছুহা, যে এমান
ডাঙৰ মহাৰাণীহেতি ৰণ কৰিব পাৰিম? তোহ্ নাই বব গণ্ডপ মাৰিছা
দেখো। মহাৰাণীৰ ফৌজি আমাক গুলিপিহি ফেলালিও তহুনাৰ কপালত
ফোট দিবাক নাটেই।”
৩য় জন –“ককাই কোৱা কি? সদিয়াৰ পৰা মানাহলৈকে আমাৰ
যিমানবিলাক কানীয়া ভকত আছে, এটাই বিলাকৰ একোটা মতি নাই
দেখিহে'; সকলোৰে একে মতি হলে আমি মহাৰাণীৰ ফৌজক পাণৰ
টিকিৰা কৰি ফুৰুৎ।”
৪ৰ্থ জন—“সভাপতি ককাইৰ অনুমতি লৈ প্ৰথমে মই অলপ কাহি
লওঁ, সমজুৱাসকলে যেন দাই নধৰে।”
৩য় জন -“আমি নধৰো দাই, সভাপতিয়েও নধৰে অন্ততঃ ধৰিব
নাপায়। আপুনি নিশ্চিন্ত মনে কাহক, হাঁচিয়াওক আৰু যি মন যায়
কৰক। আপুনিহে নেলাগে আন সমজুৱাসকলে ও এতিয়াই অক্লেশে সেই
কাৰ্য্যত আপোনৰে সৈতে যোগদান কৰি আপোনাক উৎসাহিত কৰিব
পাৰে। আমাৰ সভাপতিয়ে একো নোবোলে; তাৰ বুলিবলৈ একো নাই,
মই ন দি কব পাৰে! চলক, চলক।”
৪ৰ্থ জন--(কুহুৰ কুহুৰ কুহুৰ!) মোৰ প্ৰস্তাৱটি এচিকটা
মান অতি ক্ষুদ্ৰ, অতি সৰু, যথা, সভাৰ কাৰ্য্য, ভালকৈ আৰম্ভ হোৱাৰ
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
আৰ্জি