অনাই-বনাই আহি বাণ ৰজাৰ মলুক পাই, তাতে দিনদেক থাকিবৰ
মনস্থ কৰি এঠাইত ঠাই ললো। তিন দিনৰ ভিতৰতে তেজপুৰৰ তিনি
চুকত থকা কানি-ভাঙৰ খোলাৰে সৈতে মোৰ বান্ধ সম্বন্ধ লাগিল। মই
দেখিছো, ত্ৰিভূবনৰ ভিতৰত মই যলৈকে যাওঁ, মোৰ কাম তিনিটাৰ বাহিৰে
চাইটা নহয়। লেখৰ এই তিনটা কামৰ প্ৰথমটো খোৱা, দ্বিতীয়টো ৰাগি-
লগোৱা, আৰু তৃতীয়টো শোৱা। এই তিনি কামৰ বা গুণৰ খাতিৰত
আমুকাই কেতিয়াও বন্ধুৰ অভাৱত নপৰে কিয়নো, অমুকাইৰ নিচিনা
নিষ্কৰ্মা বা ত্ৰিষ্কৰ্ম্মা মানুহ, ঈশ্বৰে এই পৃথিবীত নিচেই তাকৰকৈ চৰ্জ্জি থৈছে
বুলি নেভাবিবা।চোৰে চোৰৰ ঠেং দেখে কানীয়া ভঙ্গুৱাইও কানীয়া ভঙ্গুৱাৰ
ঠেং থাকিলে নেদেখিবৰ একো কাৰণ নাই। গৰ্ব কৰিব নেপায়; তথাপি
কওঁ, যে দহ ভকতৰ ভৰিৰ ধূলি এই মন মিলাৰাম মেধিও এজন লেখৰ
ঠেংথকা কানীয়া। গতিকে, তেজপুৰৰ উজ্জ্বল ৰত্ন ভেলাই, ভোবোল, আৰু
ভেকোলা বৰকনীয়াহঁতে অমুকাইৰ ঠেং চকুৰ পচাৰতে দেখি পেলোৱাটো
আশ্চৰ্য কি? আৰু দেখিলে কি তেওঁলোক আমুকাইৰ লগ লাগিল কি।
তোমালোকে মানা বা নামানা, এই পৃথিবীত সকলোৱেই ৰজা; আৰু
সকলোৰে একো ডুখৰি নিজ নিজ ৰাজ্য আছে । মহাৰাণী মোৰ ওপৰত,
মই মোৰ ঘৈণীৰ ওপৰত, মোৰ ঘৈণী তেওঁৰ বেটী জনীৰ ওপৰত, বেটীজনী
তাইৰ বাঢ়নীতাৰ ওপৰত আৰু বাঢ়নীতাৰ চোতালৰ ধূলি-মাকতিৰ ওপৰত
যে ৰজা এই কথা আগম নিগমত বিচাৰিলে ও পাবা। অজি যি মহাপুৰুষৰ
গুণশীলৰ অলপ আভাষ দিবলৈ কাপ ধৰিছোঁ, তেওঁৰ নাম কেকো ককা :
তেওঁ কানি-ভাঙৰ খোলাৰ ওপৰত ৰাজৰাজেশ্বৰদুতী-পুৰন্দৰ কনীয়াৰ
মনত তেওঁৰ কথা বেদ-বাণী, তেওঁৰ মত মনুৰ মত, তেওঁৰ হুকুম মহাৰাণীৰ
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কেকো ককা