আইন। ককাই পৰৰ খৰচত পালে, তিনি তোলা কানিৰ টিকিৰা, এশ আঠ
চিলিম ভাং, আৰু তিনি টেকেলি চাহ একেৰাতিৰ ভিতৰতে পাৰ কৰি দিব
পাৰে বুলি তেওঁৰ খ্যাতি আছে, আৰু নিজৰ খৰচত হলে তাৰে তিনি ভাগৰ
এভাগ পাৰে বুলি শুনিলো। আৰু এটা আচৰিত ক্ষমতা তেওঁৰ গাত থকা
শুনা গল। ওপৰত কোৱা কানি-ভাং আৰু চাহৰ ঠগি আগ বঢ়াই দি প্ৰাৰ্থনা
কৰিলে, ককাই জাৰি জোকাৰি তেওঁৰ টেকেলীয়া পেটৰ পৰা হেনো তিনি
বুৰি অতি বিতোপন সাধু উলিয়াই দিব পাৰে।
ভে, ভে, ভো * বান্ধসকলৰ মুখে ককাৰ গুণশীল শুনি মোৰ ককাৰ
মুখপদ্ম দৰ্শন, আৰু তাৰ পৰা বিগলিত অমৃতোপম সাধুকথা শ্ৰৱণ কৰিবৰ
লোভ জন্মিল। ৰজাৰ ওচৰলৈ “ৰিক্তহস্তে নগন্তব্যং" জানি গাঁঠিৰ কেঁচা
পয়চা ভাঙ্গি কানি-ভাং কিনি লৈ তিনি বান্ধ ভে-ভে-ভোৰে সৈতে ককাৰ
ওচৰ পালোগৈ।
কেকো- “তই কোন?
”
“মোৰ নাম মিলাৰাম। ঘৰ উজনিত।”
“সকাম?”
ককাৰে সৈতে আলাপ পৰিচয়। শাস্ত্ৰত কৈছে,-
“সংসাৰ বিষবিখৰ্স্য দ্বে ফলে অম্লিতোপমে,
কাইবামৃত ৰসাস্বাদং আলাপঃ সজ্জনৈ সহ।”
অৰ্থাৎ ককা, সংসাৰ বৰৰিহৰ গছৰ গুটি দুটা; ভাং-কানি-ফটিকাৰ ৰসৰ
সোৱাদ লোৱা, আৰু ককাৰ নিচিনা সজ লোকৰ সৈতে আলাপ পৰিচয়
কৰা; কাৰণ, “কাইৰামৃত” অৰ্থাৎ কোন কেতিয়া মৰে তাৰ নিশ্চয় নাই,
আৰু এই দুই কাম নকৰি মৰি গলে মানপী জনম হেলাতে গল।”
ককা—“ মই সন্তোষ হলোঁ, তোৰ শাস্ত্ৰ জ্ঞান আছে। এটা কথা, ফটি-
কাটো আমাৰ গুৰু ঘৰৰ পৰা নিষেধ দেখি আমাৰ নচলে। সি দুটা ঈশ্বৰৰ
অনুগ্ৰহত এক প্ৰকাৰ চলি গৈছে।”
- ভেলাই ভেকোলা তাৰু ভোবোলাৰ সংক্ষিপ্ত নাম।