এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৫
চেনিচম্পা
ভাঙৰ চিলিম হৈ সুখে আছোঁ। তোৰ দদায়েৰকো সুধিছিলো, সিও মৰি,
খুৰীয়েৰৰ হাত সাৰি, ধোৱাঁখোৱা হৈ অতি সুখে আছে বুলি কৈছে;
হেন জানি মোৰ বোপা তই বিয়া নকৰাবি।”
“বোপাই, চেনিচম্পা বঢ়িয়া ছোৱালী। তাই কেতিয়াও তেনে নহয়;
বোপাই তুমি ভাঙৰ জালত হে চেনিচম্পাৰ বদনাম কৈছা। বোপাই,
তোমাৰ গাত ৰাগি বৰকৈ লাগিছে নে?”
বোপায়ে মোৰ কথাৰ উত্তৰ নিদিলে। বোপাই! বোপাই! বুলি
আৰু দুবাৰ মাতি উত্তৰ নাপাই খং কৰি গৈ শোৱাপাটীত উঠি শুই
থাকিলোঁ। পিছ দিনা পুৱা দহমান বজাত টোপনি কাতি কৈ থৈ
উঠি, বোপাইৰ কথালৈ মনত কৰি, কিবা মনত বিষাদ লাগিল।-
চেনিচম্পাৰ আশা-ভৰসা সোপাকে তাতে এৰি থৈ, টোপলা-টাপোলি
বান্ধি লৈ সেই গাঁৱৰ পৰা গুচি গলোঁ।
⸻